Begin typing your search above and press return to search.

যান বাহন নিয়ন্ত্ৰন কৰা আৰক্ষীৰ যান বাহন উলংঘাকাৰীসকলৰ জৰিমনাৰ নামত সংগ্ৰহ কোটি কোটি টকা

যান বাহন নিয়ন্ত্ৰন কৰা আৰক্ষীৰ যান বাহন উলংঘাকাৰীসকলৰ জৰিমনাৰ নামত সংগ্ৰহ কোটি কোটি টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2018 12:47 PM GMT

এক আচৰিত তথ্য ৷ চলিত বৰ্ষত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে গুৱাহাটী মহানগৰীৰ যান বাহন নিয়ন্ত্ৰন কৰা আৰক্ষীয়ে যান বাহন নিয়ম উলংঘা কৰাৰ কাৰণে জৰিমনা হিছাপে প্ৰায় ৪.৩৩ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় । লগতে এই বৃহৎ সংখ্যক ধনৰ ৰাশিলৈ লক্ষ্য কৰিলে আৰক্ষীয়ে প্ৰায় ১১ মাহত জৰিমনা হিচাপত প্ৰতি মাহত প্ৰায় ৩৫ লাখকৈ টকা সংগ্ৰহ কৰে ৷ আৰু প্ৰতিদিনত জৰিমনা সংগ্ৰহ কৰি পোৱা টকাৰ পৰিমাণ হ’ব প্ৰায় ১.৩ লাখ। ইয়াৰ ভিতৰত হেলমেট আৰু ড্ৰাইভিংন্স লাইচেঞ্চৰ ক্ষেত্ৰত প্ৰায় ৩০শতাংশতকৈ অধিক জৰিমনা বিহে যান বাহন আৰক্ষীয়ে ৷

ট্ৰেফিক নিয়ম উলংঘন,পাৰ্কিং,চীট টেল্ট পৰিধান নকৰা,গাড়ী চলাওতে মোবাইল ফোনৰ ব্যৱহাৰৰ লগতে বিনা লাইছেঞ্চৰে গাড়ী চলোৱা আদি বিভিন্ন কাৰণত বৃহৎ সংখ্যক জৰিমনা বিহে লোকসকলক।লগতে বিভিন্ন উৎসৱৰ সময়ত লোকসকলৰ পৰা অত্যাধিক পৰিমাণে জৰিমনা বিহে আৰক্ষীয়ে। ইফালে অধিক সংখ্যক লোকেই পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজাৰ ভিতৰত ট্ৰেফিক নিয়ম উলংঘা কৰাৰ কাৰণে আৰক্ষীয়ে জৰিমনা বিহে৷ এই সন্দৰ্ভত যান বাহন আৰক্ষীৰ এজন বিষয়াই কয় যে যদি সকলো যান বাহন নিয়ম উলংঘাকাৰীক আৰক্ষীয়ে জৰিমনা বিহীলে জৰিমনা পৰিমাণ অধিক হ’ব লগতে কিছুমান যান বাহন আইন উলংঘাকাৰী পলাই যাবলৈও সক্ষম হ’য়।

লগতে অনাগত ২০১৯ ত এই জৰিমনা অধিক হোৱাৰ সম্ভাৱনা আছে ৷ মহানগৰ যান বাহন আৰক্ষীয়ে যান বাহন আইন উলংঘাকাৰীসকলৰ কাৰণে ই-চালানৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে ৷ট্ৰেফিক পইন্টত এখন সঞ্চালিত নম্বৰ প্লেটৰ ব্যৱস্থা কৰিব৷ যান বাহন নিয়ম উলংঘা কৰা ব্যক্তিসকলৰ ঘৰলৈ এখন ন’টিছ’ দিব আৰক্ষীয়ে ৷গতিকে এই ব্যৱস্থাৰ পাছত যান বাহন উলংঘাকাৰী লোকসকলৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি