Begin typing your search above and press return to search.

যুটীয়া সংসদীয় সমিটিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা আধৰুৱা

যুটীয়া সংসদীয় সমিটিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা আধৰুৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Nov 2018 6:00 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতীৰ মংগলবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত কোনো এটা বিষয়তে সদস্যসকল সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে ৷ প্ৰাপ্ত তথ্য অনুসৰি,বিধেয়কখনৰ আততাৰ পৰা "বাংলাদেশ" শব্দটো আৰু ধৰ্মীয় সংখ্যালঘু শব্দটো বাদ দিয়াৰ বাবে বিৰোধী দলৰ সদস্যসকলে প্ৰস্তাৱ আগবঢ়াইছিল ৷

কিন্তু যুটীয়া সংসদীয় কমিটীত থকা বিজেপিৰ সদস্যসকলে এই প্ৰস্তাৱ নাকচ কৰে ৷বৈঠকখনত তৃনমূল কংগ্ৰেছৰ সদস্যসকলে প্ৰথমেই সংশোধনীৰ প্ৰস্তাৱ দাখিল কৰে আৰু কয় যে,ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিলে দেশৰ ধৰ্মীয় নিৰপেক্ষতাত আঘাত হানিব ৷ ইয়াৰ বিপৰীতে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা সকলো লোকে নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰে দলটোৱে।

অন্যহাতে বিধেয়কখনৰ সন্দৰ্ভত সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে,বিধেয়কখন লৈ ধৰি অসমৰ জনসাধাৰণ তথা দল সংগঠনে পৰিস্থিতি উত্তপ্ত কৰি আহিছে ৷ এনে পৰিস্থিতিত বিধেয়কখন চৰকাৰে বলপূৰ্বক ভাৱে গৃহীত কৰিলে অসমত পৰিস্থিতি ভয়াবহ হ’ব পাৰে বুলি কয় কলিতাই ৷ লগতে কলিতাই বিধেয়কখনৰ ২নং দফাটোৰ সংশোধনী প্ৰস্তাৱ আগবঢ়ায় ৷

উক্ত দফাত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্ৰদানৰ বিষয়টোত সন্নিবিষ্ট কৰা হৈছে ৷ উল্লেখ্য যে, বিধেয়কখনৰ সন্দৰ্ভত বৈঠকৰ অন্তত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই কয় যে,বিধেয়কখনৰ সন্দৰ্ভত কোনো ধৰণৰ আলোচনা সম্পূৰ্ণ নহল ৷সেয়েহে অতি শীঘ্ৰেই পুনৰ বৈঠক অনুষ্ঠিত কৰা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

Next Story