Begin typing your search above and press return to search.

যুৱতীৰ অশ্লীল ফটো আপলোড কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ

যুৱতীৰ অশ্লীল ফটো আপলোড কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2018 11:46 AM GMT

বাক্সা জিলাৰ তামোলপুৰ অঞ্চলৰ পৰা এজন ৩০বছৰীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।অভিযোগ মৰ্মে যুৱক জনে প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ফটো ছ'চিয়েল চাইটত আপলোড কৰে। অভিযুক্ত জনৰ বিৰুদ্ধে ৪৯৮ (এ) ৩১৫/৫০০ আইপিচি আৰ/ডাব্লউ অনুচ্ছেদ ৬৭ তথ্য প্ৰযুক্তিবিদ্যাৰ আইনৰ অধীনত (৪৫৬/১৮) নম্বৰত মহিলা গৰাকীয়ে প্ৰদান কৰা ওপৰত ভিত্তি কৰি পাটাছাৰকুছি আৰক্ষী চকীত কেছটো পঞ্জীয়ন কৰা হয় আৰু যোৱা শনিবাৰে নগাঁওৰ পৰা যুৱক জনক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত জন হৈছে নিপন বড়া।ছোৱালী জনী বৰপেটা জিলাৰ পাটাছাৰকুছিৰ আৰক্ষী থানাৰ অন্তৰ্গত নতুন বেলনা গাঁওৰ বাসিন্দা।ছোৱালীজনীৰ অভিযোগ মৰ্মে,যুৱক জনে ছোৱালী জনীৰ অশ্লীল ফটো ছ'চিয়েল চাইটত আপলোড কৰে।জানিব পৰা মতে,যোৱা বছৰত তেওঁঁলোক দুয়োজনে কামাখ্যা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় আৰু পাঠশালাত ভাড়াঘৰত বাস কৰি আছিল।

আৰক্ষীৰ তথ্যানুসৰি,নিপনে কিছু সমস্যাৰ বাবে ছোৱালী জনীক প্ৰতাৰনা কৰে ।ইয়াৰ লগতে আৰক্ষীৰ মত অনুসৰি,নিপনে ছোৱালী জনীৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলে আৰু তাত কিছুমান অশ্লীল ফটোৰ সৈতে ফোন নম্বৰ আপলোড কৰে আৰু তাৰ পিছতে ছোৱালী জনীলৈ ফোন আহা আৰম্ভ হয়।

গ্ৰেপ্তাৰ হোৱা নিপনে মত প্ৰকাশ কৰি কয় যে,ছোৱালী জনী ইতিমধ্যে বিবাহিত আৰু অন্য পুৰুষৰ সৈতে অবৈধ সম্বন্ধ আছে।আৰক্ষীয়ে যুৱক জনৰ সৈতে ম'বাইল ফোন উদ্ধাৰ কৰে।যোৱা শনি বাৰে অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰন কৰা হয় আৰু পাঠশালা আদালতত হাজিৰ কৰোৱা হয় আৰু পিছত ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰন কৰা হয়।

Next Story
চাকৰি