Begin typing your search above and press return to search.

যুৱ প্ৰজন্মৰ অন্ধকাৰ যাত্ৰা আৰু ৰাজ্য প্ৰশাসনৰ উদাসীনতা

যুৱ প্ৰজন্মৰ অন্ধকাৰ যাত্ৰা আৰু ৰাজ্য প্ৰশাসনৰ উদাসীনতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2018 10:51 AM GMT

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতী সকল আলফালৈ যোৱাৰ বাবে অসম চৰকাৰৰ জাতি মাটি ভেটিৰ বাবে লোৱা সিদ্ধান্ত সমূহেই জগৰীয়া । শিক্ষিত তথা অৰ্থনৈতিক ভাৱে সংস্থাপিত যুৱক যুৱতী জাতীয় অস্তিত্বৰ সময়ত জংগল যাত্ৰাৰ বাবে এতিয়াও শাসক পক্ষ‌ই কিয় সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই?

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বঞ্চনা বৃদ্ধি হোৱাৰ বাবেই আলফালৈ ধাৱমান অসমৰ নৱ প্ৰজন্ম।

এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগ তথা অসম আৰক্ষীয়ে ?

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত দুৰ্নীতি বিৰোধী যুৱ - শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এখনি সংবাদমেলৰ আয়োজন কৰি এনেদৰে মন্তব্য কৰে।

সংবাদমেল খনত ধৰ্মকান্ত গগৈয়ে কয় অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি , অসমৰ সামাজিক ব্যৱস্থাৰ প্ৰতি আস্থা নোহোৱা আৰু চৰকাৰৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই আজিৰ প্ৰজন্মই জংঘললৈ গৈছে বুলি সদৰি কৰে ধৰ্মকান্ত গগৈয়ে।

হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তেওঁ কয় আলফাৰ পৰিয়ালৰ মানুহ যদি আলফালৈ যায় তেনেহলে তেওঁৰ সন্তানেও আদা বেপাৰ কৰিব চাগে।

জাতীয় নায়ক জন অসমৰ এনে পৰিস্থিতিত কিয় এতিয়াও নিমাত?

ক'মাত থকা লোকৰ দৰে অসমৰ মুখ্যমন্ত্ৰীয়ে পলায়নবাদী মনোভাব ৰূপায়ন কৰিছে বুলিও ধৰ্মকান্ত গগৈয়ে তুলা ধূনা দিয়ে মূখ্যমন্ত্ৰী গৰাকীক।

নিষিদ্ধ ঘোষিত আলফা আৰু ৰাজ্যৰ যুৱ প্ৰজন্মলৈ দুৰ্নীতি বিৰোধী যুৱ- শক্তি, সভাপতি জনে কয় সমস্যাৰ অন্ত কেতিয়াও জংগলত নহয়।সুস্থিৰ আলোচনাৰ মাজলৈ সকলোকে আহিবলৈ তেওঁ অনুৰোধ জনাই।

কিন্তু চিন্তনীয় সমস্যাৰ সমাধান জংগলমুখী যাত্ৰাৰ মাজেৰে সমাধান হব জানো?

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি