যেতিয়ালৈকে মই দিল্লীত আছো৷তেতিয়ালৈকে মই কোনো ধৰণৰ দূৰ্নীতি সহ্য কৰা ন’হবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

যেতিয়ালৈকে মই দিল্লীত আছো ৷ তেতিয়ালৈকে মই কোনো ধৰণৰ দূৰ্নীতি সহ্য কৰা ন’হব৷ লগতে দেশৰ অখণ্ডতা আৰু একতাক কেতিয়াও নষ্ট হ’বলৈ নিদিওঁ ৷এই মন্তব্য দেশৰ প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi)৷ লগতে,বিৰোধীয়ে সততে নৰেন্দ্ৰ মোডীক চকীদাৰ বুলি কোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে৷ দেওবাৰে ৰাজ্যৰ যুৱ মৰ্চাৰ এখন বৈঠক উৎঘাটন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,যেতিয়া ৰাষ্ট্ৰত উন্নয়নৰ প্ৰসংগ আহে তেতিয়াই বিৰোধীসকল বিধ্বস্ত হয়। বিৰোধীসকলৰ লগত মোডীৰ বিৰুদ্ধে আছে যথেষ্ট ক্ষোভ ৷ বিৰোধীসকলৰ দিন মোডীক কটাক্ষ কৰিয়েই আৰম্ভ হয় ৷আৰু শেষো মোডীক কটাক্ষ কৰিয়েই হয় ।
লগতে প্ৰধানমন্ত্ৰী মোডীয়ে বিৰোধীক উদ্দেশ্য কৰি কয় যে মোক গালি দিলেও বা কটাক্ষ কৰিলেও দেশৰ কৃষক,যুৱ সমাজক বিপথে পৰিচালিত নকৰিব ৷আৰু দেশৰ মহান ৰাষ্ট্ৰ আৰু প্ৰগতিৰ অন্ত নকৰিব ৷ইফালে বিৰোধী অৰ্থাৎ কংগ্ৰেছে সততে চি বি আই,প্ৰশাসন,কেগ আৰু নিৰ্বাচনী আয়োগৰ দৰে সংস্থাসমূহক কটাক্ষ কৰি থকাৰ প্ৰশংগটো উল্লেখ কৰে মোডীয়ে ৷ অন্যহাতে, মোডীয়ে কয় যে নিৰ্বাচন আহিব আৰু যাব ৷কিন্তু বিৰোধীয়ে বিভিন্ন সংস্থাসমূহক অসন্মান কৰাটো বন্ধ কৰিব লাগে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি