Begin typing your search above and press return to search.

যোগ্য প্ৰাৰ্থীক ভোট দান কৰক, দলক নহয়: অসম প্ৰতিবন্ধী সুৰক্ষা সংগঠন

যোগ্য প্ৰাৰ্থীক ভোট দান কৰক,  দলক নহয়: অসম প্ৰতিবন্ধী সুৰক্ষা সংগঠন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 11:49 AM GMT

অসম প্ৰতিবন্ধী সুৰক্ষা সংগঠনে প্ৰত্যেক বিশেষ ভাবে সক্ষম লোকসকলক যোগ্য প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান জনাইছে । দল চাই ভোট দান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই।

মংগলবাৰে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে। অসম প্ৰতিবন্ধী সুৰক্ষা সংগঠনৰ সভাপতি নৃপেন কলিতাই ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলকে প্ৰতিবন্ধী সকলক সুৰক্ষা দিবলৈ বিফল হৈছে বুলি প্ৰকাশ কৰে । " ৰাজ্যত ৪৪ লাখ বিশেষ ভাবে সক্ষম ভোটাৰ আছে । তেওঁলোকক শোষণ আৰু ভোট বেংকৰ আহিলা হিচাপে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচনী ইস্তাহাৰ খনত তেওঁলোকৰ বিষয়ে কোনো উল্লেখ কৰা নাই বুলি প্ৰকাশ কৰে । সেয়েহে বিশেষ ভাবে সক্ষম লোকসকলক ৰাজনৈতিক দলৰ পৰিবৰ্তে যোগ্য প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান জনাইছে ।

লগতে নৃপেন কলিতাই প্ৰকাশ কৰে যে বিজেপি আৰু কংগ্ৰেছে বহুতো কল্যাণকামী আচনি লৈছে যদিও সেই আচনিয়ে প্ৰতিবন্ধী সকলৰ উন্নয়নৰ বাবে কোনো সুবিধা লাভ কৰা নাই । বিজেপিয়ে দেশত ৰূপায়ণ কৰা কোনো আঁচনিৰ পৰাও বিশেষ ভাবে সক্ষম লোকসকলে সুবিধা লাভ কৰা নাই বুলি প্ৰকাশ কৰে । লগতে প্ৰতিবন্ধী সকলৰ বাবে থকা সংৰক্ষিত পদত নিযুক্তি দিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ব্যৰ্থ হৈছে বুলি প্ৰকাশ কৰে।

দিছপুৰ লাষ্টগেটৰ ২০১৮ চনৰ ৫ অক্টোবৰৰ ঘটনাৰ পুনৰ স্মৰন কৰি নৃপেন কলিতাই প্ৰকাশ কৰে যে আমি প্ৰতিবন্ধী সকলৰ ন্যায়ৰ বাবে শান্তিপুৰ্ন ভাবে এটা প্ৰতিবাদী ৰেলী উলিয়াওৱা হৈছিল, এই ৰেলীতে আৰক্ষীয়ে লোকসকলৰ ওপৰত আক্ৰমণ কৰিছিল বুলি প্ৰকাশ কৰে । সেই দিনটো আমি কেতিয়াও নাপাহৰো বুলি প্ৰকাশ কৰে। সেই সময়ত আমাৰ ন্যায় দিবলৈ কংগ্ৰেছ দলেও নিৰব দৰ্শকৰ ভুমিকা গ্ৰহন কৰিছিল বুলি প্ৰকাশ কৰে নৃপেন কলিতাই ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি