Begin typing your search above and press return to search.

যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ  নিৰ্বাচনী প্ৰচাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2019 9:41 AM GMT

লোকসভা নিৰ্বাচনৰলৈ মাজত এটা সপ্তাহ বাকী থকাৰ সময়ত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে সকলো ৰাজনৈতিক দলৰ । শুকুৰবাৰ দিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই।

শুকুৰবাৰে দিমৌৰ পাব্লিক খেল পথাৰত নিৰ্বাচনী প্ৰচাৰৰ সভা অনুষ্ঠিত হয় । নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় " আপোনালোক সামাজিক আৰু ৰাজনৈতিক ভাৱে সচেতন আৰু আগবঢ়া । সেয়েহে ভোটাৰ হিচাপে আপোনালোকে বেয়া আৰু ভালৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিব পাৰে । আমি যথেষ্ট ভাগ্যৱান যে নৰেন্দ্ৰ মোদীৰ দৰে এজন ব্যক্তি প্ৰধানমন্ত্ৰী হিচাপে পাইছো । কম সময়ৰ ভিতৰতে ভাৰতক ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে " বুলি প্ৰকাশ কৰে ।

এই নিৰ্বাচনী প্ৰচাৰ সভাতে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু দুৰ্নীতি এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। কংগ্ৰেছে কেৱল ৬ খন মেডিকেল কলেজে খুলিব পৰে । মোদী চৰকাৰৰ অধিনত ৰাজ্য চৰকাৰে ইতিমধ্যে ৮ খন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছে আৰু প্ৰথম বাৰৰ বাবে অসমত AIIMS ৰ কাম আৰম্ভ কৰিছে লগতে ৯ খন ইঞ্জিনিয়াৰিং কলেজ আৰু ৩০ খন পলিটেকনিক ইষ্টিটিউডৰ কাম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন সংগঠনৰ পৰা অহা যুৱ প্ৰজন্ময়ে বিজেপিত যোগদান কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , কুশল দেউৰী আৰু বিজেপি আৰু অগপৰ বহু নেতা উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি