যোৱা ২৩ বছৰ ধৰি বৰষুনৰ পানী ব্যৱহাৰ কৰা ব্যক্তি জন

সমগ্ৰ পৃথিৱীতে প্ৰধান সমস্যা সমূহৰ ভিতৰত জল সমস্যাটোও এটা ডাঙৰ সমস্যা ।সমগ্ৰ পৃথিৱীত থকা পানীৰ এক বিশ্লেষন কৰাৰ ফলত জানিব পৰা গৈছে যে,মুঠ ২.০৭ শতাংশহে বিশুদ্ধ পানী আছে । জানিব পোৱা মতে,ভাৰতৰ ৭৬ মিলিয়ন লোকে বিশুদ্ধ পানী খাবলৈ নাপায় ।
সেয়ে আমাৰ কৰ্তব্য যে অবাবত পানী খৰচ নকৰি উপযুক্ত পৰিমানে পানীৰ ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ পিছৰ প্ৰজন্ম সকলে জল সংকটৰ সমস্যাত ভুগিব লগা নহয় । ঠিক আজি এনে এজন লোকৰ বিষয়ে আলোচনা কৰিম যিজন ব্যক্তিয়ে যোৱা ২৩বছৰ ধৰি পানীৰ বিল নিদিয়াকৈ জীৱন অতিবাহিত কৰি আছে । হয়,আপোনি ঠিকে শুনিছে যে,বেংগালুৰৰ নিৱাসী শিৱকুমাৰ নামৰ এজন ব্যক্তিয়ে যোৱা ২৩বছৰ ধৰি বৰষুনৰ পানী ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজনীয় পূৰন কৰি আছে ।
২০১৫চনত তেওঁ গৃহ নিৰ্মান কৰি থকা সময়তে এই সংকল্পটিৰ কথা ভাবিলে আৰু সেয়ে তেওঁ এনেকোৱা হিচাপত ঘৰ নিৰ্মান কৰিলে যাতে বৰষুনৰ পানী সমূহ সঞ্চয় হৈ থাকে আৰু পিছলে সেই পানী ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বানে তেওঁ ভৰপূৰ গৱেষনা কৰে আৰু জানিব পাৰে যে প্ৰায় ৫০০লিটাৰ পানীত এটা পৰিয়ালৰ সকলো ধৰনৰ প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰে ।ইয়াৰোপৰি,যোৱা প্ৰায় ১০০বছৰ ধৰি বেংগালুৰ চহৰত বৰষুনৰ সময়ত হোৱা বৰষুনে মানুহৰ প্ৰয়োজন পূৰন কৰিব নোৱাৰাৰ একো কাৰন নাছিল ।এই সকলোবোৰ হিচাপ তথা গৱেষনা কৰি সেয়ে শিৱকুমাৰে নিজ ঘৰত আৰ ডব্লিউ এইচ প্ৰকল্প লগোৱাৰ ব্যৱস্থা কৰিলে ।
শিৱকুমাৰ এজন নিজে বৈজ্ঞানিক হয় যাৰ বাবে তেওঁ নিজে বৰষুনৰ পানী সঞ্চয় কৰিবলৈ প্ৰভাৱশালী প্ৰকল্প এটা নিৰ্মান কৰাৰ কাম এটা আৰম্ভ কৰিছিল ।বহু কষ্ট আৰু সাধনাৰ বলত শেষত তেওঁ পাপ-অপ ফিল্টাৰ নামৰ এক যন্ত্ৰ নিৰ্মান কৰে । এই যন্ত্ৰ টোত চিলভাৰ পেপাৰ ব্যৱহাৰ কৰা হৈছে ই পানীত থকা বীজানু সমূহ আতৰ কৰাত সহায় কৰে ।
শিৱকুমাৰে বেংগালুৰৰ ৰাইজৰ মাজত জল তথা পানি সংৰক্ষনৰ বাবে এই ব্যৱস্থা নিৰ্মান কৰাৰ মন মেলিছে ।তেওঁৰ বিশ্বাস যে চহৰ খনৰ আধা ঘৰতো এই প্ৰক্ৰিয়াটো ব্যৱহাৰ হয় তেতিয়া কোনো দিনাই পানীৰ সমস্যা নহব ।
বিকাশৰ দিশত দেশ খন ইমান আগবাঢ়িছে যে প্ৰাকৃতিক সামগ্ৰী তথা সম্পদ সমূহ শেষ হৈ গৈ আছে ।এনেদৰে অবাবত প্ৰাকৃতিক সম্পদ তথা পানী ব্যৱহাৰ হৈ থাকিলে বেংগালুৰ,দিল্লী আদি দৰে ডাঙৰ ডাঙৰ মহানগৰ সমূহত ২০২২ চনলৈ ভূ-গৰ্ভতো পানী নোহোৱা হৈ যাব ।এনে ধৰনৰ ভয়াবহ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলষ শিৱকুমাৰে এতিয়াৰ পৰাই জল সংৰক্ষনৰ ব্যৱস্থা গ্ৰহন কৰিছে ।