Begin typing your search above and press return to search.
লংকাত পুনৰ সংঘটিত ধৰ্ষন কাণ্ড

হোজাই জিলাৰ লংকাত সংঘটিত হৈছে এক জঘন্য কাণ্ড । পাঁচ বছৰীয়া এটি কন্যা শিশুক বলাৎকাৰ কৰি লংকা আৰক্ষীৰ হাতত আটক হবলগীয়া হল এটা দানৱ ৰূপী লম্পট ।লম্পটটোৰ নাম বিভাষ দাস বুলি জানিব পৰা গৈছে । লংকাৰ পাঞ্জাৱী বস্তীত সংঘটীত হয় এই জঘন্য ঘটনা ।
লংকাৰ পাঞ্জাৱী বস্তিৰ লম্পটটোয়ে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা সন্ধিয়া ঘৰৰ ওচৰৰে পাঁচবছৰীয়া শিশু এটিক নি অসৎ কামনা চৰিতাৰ্থ কৰিছিল । পাছত অসুস্থ হৈ বিদ্যালয় যাবলৈ সক্ষম নোহোৱা শিশুটিয়ে এই কুকৰ্মৰ বিষয়ে পৰিয়ালৰ লোকক জানিব দিয়ে ।
শিশুটিৰ পৰিয়ালে লংকা আৰক্ষী থানাত লম্পটটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । নিশায়েই লংকা আৰক্ষীয়ে বিভাষ দাসক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
Next Story