হোজাই জিলাৰ লংকাৰ কাকী টিলাবজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।কাকী টিলাবজাৰৰ ৰবীন্দ্ৰ চৌহান নামৰ লোক জনৰ ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাৰ নিশা হঠাৎ চিঙি যোৱাৰ ফলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে । অগ্নিকাণ্ডৰ ফলত গৃহটোৰ ভিতৰত থকা ৬০ মুনকৈ ধান,কেইৱা মোনো চাউলকে ধৰি এটা বলধ গৰু, এজনী গাই গৰু , এটা গৰু পোৱালি আৰু ২০ টাতকৈ অধিক হাহ , কুকুৰা অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে । অগ্নিকাণ্ডৰ ফলত প্ৰায় ২ লাখ টকাৰ ক্ষয় ক্ষতি হয় বুলি জানিব পৰা গৈছে । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এই দুৰ্ঘটনা হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
Begin typing your search above and press return to search.