ইছলামধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদৰ দিনাই হোজাই জিলাৰ লংকাত স্থাপন কৰা হল স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি । লংকা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত লংকা পৌৰসভাৰ সন্মুখত স্থাপন কৰা হয় এই প্ৰতিমূৰ্তি । হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যদেৱৰ উপস্থিতিত, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক সুনীল আম্বেদকাৰে উন্মোচন কৰে স্বামী বিবেকানন্দৰ এই প্ৰতিমূৰ্তি টো। ৰাইজৰ দান বৰঙণিত স্থাপন কৰা বিবেকানন্দৰ প্ৰতিমূৰ্তিটোৰ উন্মোচনী সভাত বহু কেইগৰাকী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজো উপস্থিত থাকে।
Begin typing your search above and press return to search.