Begin typing your search above and press return to search.

লংকাৰ আমতলাত কলেজৰ পৰা ঘৰলৈ যোৱা পথত ছাত্ৰক প্ৰহাৰ

লংকাৰ আমতলাত কলেজৰ পৰা ঘৰলৈ যোৱা পথত ছাত্ৰক প্ৰহাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2018 1:15 PM GMT

হোজাই জিলাৰ লংকাৰ আমতলাত আলহাজ চুনাইবিবি চৌধুৰী কলেজৰ এজন ছাত্ৰক এদল উদন্ত যুৱকৰ প্ৰহাৰ ।আঘাতপ্ৰাপ্ত ছাত্ৰ জনৰ নাম এহআনুজ হুছেইন বুলি জানিব পৰা গৈছে। প্ৰহাৰ কৰি ছাত্ৰ জনক পেলাই থৈ যায় পথৰ কাষত। পিছত স্থানীয় ৰাইজে ছাত্ৰ জনক লৈ আনি লংকা চিকিৎসালয়ত ভৰ্তি কৰে ।

উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ উদালী বজাৰ স্থিত আলহাজ চুনাইবিবি চৌধুৰী কলেজত বৃহস্পতিবাৰে আছিল নৱাগত আদৰণী সভা ।উক্ত আদৰণী সভাৰ সাংস্কৃতি অনুষ্ঠান চাৱলৈ আহিছিল কলেজখনৰ বাহিৰৰ ২০/৩০ জনীয়া উদন্দ যুৱকৰ এটি দল ।প্ৰথমে কলেজখনত তৃতীয় চেমিষ্টাৰত অধ্যানগত এহলাজ হুছেইন নামৰ ছাত্ৰ জন অনুষ্ঠানটোৰ ভলেন্টিয়াৰ দায়ত্বত থকা হেতুকে উদন্ত যুৱক দলটোক কলেজত সোমাৱলৈ বাধা প্ৰদান কৰে ।তাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশেই ছাত্ৰজনক মাৰপিত কৰিলে বুলি জানিব পৰা গৈছে।

ছাত্ৰজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।আনহাতে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত নিশাই এজন যুৱকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে ।

Next Story
চাকৰি