Begin typing your search above and press return to search.

লক্ষিমপুৰত পথ বন্ধ যুৱ মঞ্চৰ,চৰকাৰক সমালোচনা

লক্ষিমপুৰত পথ বন্ধ যুৱ মঞ্চৰ,চৰকাৰক সমালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 July 2018 12:03 PM GMT

লক্ষিমপুৰৰ অন্যতম ব্যস্ত পথ কে বি পথৰ জৰাজীৰ্ন অৱস্থাৰ বাবে অসম দুৰ্নীতি বিৰুধী যুৱ মঞ্চই পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।পথটোৰ পুতৌজনক অৱস্থাৰ বাবে সাধাৰন জনতা জিয়াতু ভুগী আহিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনোধৰনৰ গুৰুত্ব প্ৰদান নকৰাত প্ৰতিবাদত বহিবলৈ ৰাইজ বাধ্য হয়।বৃহতৰ টেলাহী-কমলাবাৰীয়া অঞ্চলৰ পানীগাওঁ চিকিৎসালয়ত ২৪ ঘন্টা চিকিৎসক নথকাত ৰাইজৰ বহুত অসুবিধা হোৱাৰ বাবে জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক সমালোচনা কৰে।দুৰ্নীতি বিৰুধী মঞ্চৰ জিলা সমিতিৰ সহযোগত তেলাহী-কমলাবৰীয়া আঞ্চলিক গোটে ব্যতিক্ৰমীভাৱে নাম-কীৰ্তন আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰে।সংগঠনটোৰ ৰাজ্যিক সভাপতি ধৰ্ম কান্ত গগৈয়ে চৰকাৰক সমালোচনা কৰি কয় যে সোনোৱাল চৰকাৰ উন্নয়নৰ লগতে জলন্ত সমস্যা সমূহ সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।অতি সোনকালে সমস্যা সমূহ সমাধানৰ বাবে দাবী জনাই।

Next Story
চাকৰি