লক্ষিমপুৰত বন্যহস্তীয়ে প্ৰাণ ললে এজনৰ

লক্ষিমপুৰ জিলাৰ হাৰ্টমুট্টি অঞ্চলত বন্যহস্তীৰ তাণ্ডৱত ৰাইজে জিয়াতু ভূগিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলায় অহা বনৰীয়া হাতীৰ এটা জাকে দৈমুখ আৰক্ষী চকীৰ অন্তৰ্গত হাৰ্টমুট্টি অঞ্চলৰ ৩৬ বছৰীয়া সাহাদেৱ বৰ্মন নামৰ এজন ব্যক্তি হাতীৰ গচকত মৃত্যু হোৱাৰ লগতে বহুকেইতা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। ইফালে ৰাইজে নিশাই বন বিভাগৰ লোকক খবৰ দিয়ে যদিও বনবিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে।নিশা বনৰীয়া হাতীৰ জাকটোৱে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ খাদ্যসামগ্ৰী খায় বয়বস্তু ভাঙি সন্ত্ৰাসৰ সৃষ্টী কৰে। আনহাতে হাতীৰ আক্ৰমনৰ পৰা পৰিয়ালৰ অন্য সদস্য সকল কোনোমতে পলাবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিনধৰি হাৰ্টমুট্টিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰব বৃদ্ধি পাইছে যদিও হাৰ্টমুট্টি বনবিভাগে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ কোনোধৰনৰ ব্যবস্থা গ্ৰহন নকৰাৰ অভিযোগ কৰিছে ৰাইজে।ইতিমধ্যে লোক জনৰ মৃতদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।