লক্ষিমপুৰৰ জিলাৰ ঢকুৱাখানাত ফাট বিহুৰ প্ৰস্তুতি

লক্ষিমপুৰ জিলাৰ ঢকুৱাখানাত এতিয়া ফাট বিহুৰ প্ৰস্তুতিত ব্যস্ত ঢকুৱাখানাবাসী। ১০ মেৰ পৰা ১২ মেলৈ তিনিদিনিয়াকৈ অনুষ্ঠিত হব লগা ফাট বিহুক লৈ ব্যস্ত সকলো । পুৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি ঢকুৱাখানাবাসীৰ পৰিচয় আৰু আত্ম সন্মান স্বৰূপ ফাট বিহু উৎযাপন কৰা হব মহঘূলি চাপৰিত।
পূৰ্বৰ ঐতিহ্য বজাই ৰাখি ফাট বিহু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কমিটিয়ে পুৰ্ন প্ৰস্তুতি চলাইছে । ফাট বিহুৰ উৎযাপন কমিটিৰ সম্পাদক মনিকা পাটিৰ আৰু সভাপতি হিতেশ ফুকনে প্ৰকাশ কৰে যে " ফাট বিহু পুৰ্বেতকৈ অধিক আকৰ্ষণীয় কৰি তুলা। ইয়াৰ বাবে উৎযাপন কমিটি আৰু ২১ উপ কমিটিয়ে তেওলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে ।
উল্লেখযোগ্য যে ফাট বিহুত দাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গোষ্ঠীয়ৈ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰিব । ফাট বিহুৰ শেষৰ দিনা ৰাজহুৱা সভাত ৰত্ন ওজা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৃষ্ণ কান্ত গগৈয়ে অংশগ্ৰহন কৰিব । বিহু গৱেষক মুক্তি নাথ বৰগোহাঞি অনুষ্ঠানতোৰ আট ধৰিব । এই অনুষ্ঠানত আৰু বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি প্ৰকাশ কৰে কমিটিয়ে ।
অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি