Begin typing your search above and press return to search.

লক্ষীমপুৰত তিনিজন নকল সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

লক্ষীমপুৰত তিনিজন নকল সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2018 9:59 AM GMT

লক্ষীমপুৰ আৰক্ষীয়ে বৃহস্পতি বাৰে অভিযান চলাই তিনিজন নকল সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু এটা নকল সোণৰ মুৰ্তি বনোৱা কাৰখানা

ধ্বংস কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজন লক্ষীমপুৰ জিলাৰ বঙালমৰা অঞ্চলৰ অন্তৰ্গত সোনাপুৰ গাওঁৰ খুৰজাত আলী,হাচেন আলী আৰু মহঃ মজিবুৰ আলী বুলি চিনাক্ত কৰা কৰা হৈছে। লক্ষী্মপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক ৰশ্মিৰেখা শৰ্মাই সাংবাদিকক কোৱা মতে মংগলবাৰে এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই উত্তৰ লক্ষীমপুৰ চহৰৰ গণেশ মন্দিৰৰ সমীপৰ পৰা খুৰজাত আলী আৰু হাচেন আলীক হাতে লোটে ধৰা পেলাই। কৰায়ত্ত কৰা অপৰাধী দুজনৰ বিবৃতিৰ ভিত্তিত উপ পৰিদৰ্শক গৰাকীয়ে খেলমাটি আৰক্ষী চকীৰ দুজন সহ আৰক্ষীৰ সহযোগত বৃহস্পতি বাৰে মজিবুৰ ৰহমানৰ ঘৰত হঠাৎ অভিযান চলাই চাৰিখন নকল সোণৰ নাওঁ, যীশু খ্ৰীষ্টৰ তেৰটা নকল মুৰ্তি আৰু অন্য দেৱ দেৱীৰ পোন্ধৰটা মুৰ্তি উদ্ধাৰ কৰে। আৰক্ষীয়ে অভিযানৰ সময়ত মজিবুৰৰ ঘৰত এটা সোণৰ নকল মুৰ্তি বনোৱা কাৰখানাও আবিস্কাৰ কৰে আৰু ইয়াক ধ্বংস কৰে। অবৈধ সৰবৰাহকাৰী কেইজনৰ বিপক্ষে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা অনুযায়ী ১২৫০/১৮ US ৪২০/৫১১ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে অপৰাধী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি