লক্ষীমপুৰত পৰিৱহন মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ

লক্ষীমপুৰত পৰিৱহন মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ
Published on: 

পৰিৱহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো অন্য ব্যৱস্থা গ্ৰহন নকৰাকৈ প্ৰত্যক্ষ ভাৱে চৰ অঞ্চল সমূহত ভুটভুটী নাঁও চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই মন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা শনিবাৰে উত্তৰ লক্ষীমপুৰৰ লক্ষীমপুৰ ছোৱালী হাইস্কুলৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে ।

ব্ৰহ্মপুত্ৰৰ গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু গোৱালপাৰাত ভুটভুটী চলাচল বন্ধ কৰাৰ ফলস্বৰূপে চৰ অঞ্চলত বসবাস কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্য লোক সকলৰো বিভিন্ন অসুবিধাই দেখা দিছে । এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক এই বিষয়ত অভিযোগ দাখিল কৰা হৈছিল । প্ৰতিবাদত নেতৃত্ব দিয়া জিলা কৰ্মী সভাপতি ৰফিকুদ্দিন আহমেদ আৰু সাধাৰন সম্পাদক মিনাজ আলীয়ে মন্ত্ৰী গৰাকীক উদ্দেশ্য কৰি নাৱঁৰ যাত্ৰী সকলৰ বাবে লাইফ জেকেটৰ সুবিধা প্ৰদানৰ লগতে অতিৰিক্ত পৰিমানৰ মানুহ অনা-নিয়া নকৰিবলৈ,নিৰ্দিষ্ঠ ফেৰী ভাড়া,পাৰঘাট সমূহ নতুন ৰূপত গঢ়ি তোলা,ফেৰীৰ সলনি ডাঙৰ নাৱঁৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com