লক্ষীমপুৰ জিলাৰ বানত প্ৰায় ৩৪,২১২লোকৰ ক্ষতিগ্ৰস্ত

লক্ষীমপুৰ জিলাৰ বানত প্ৰায় ৩৪,২১২লোকৰ ক্ষতিগ্ৰস্ত
Published on

মূষলধাৰ বৰষুনৰ বাবে লক্ষীমপুৰ জিলা,ধেমাজি আৰু ওচৰ চুবৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ নদীৰ বাঢ়নি পানীয়ে লক্ষীমপুৰ আৰু ধেমাজিৰ সোৱনশিৰি,কাকৈ,ৰঙানদী,শিঙৰা,জীয়াঁধল,কুমটীয়া আদি নৈ সমূহ বাঢ়ি অহা পানীৰ বাবে বহু লোকৰ জীৱন ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।লক্ষীমপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৫৫খন গাঁও বানত প্লাবিত হৈছে। কাকৈ নৈৰ বাঢ়নি পানীৰ বাবে ন-ভগনীয়া বড়ো গাঁও আৰু কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ১০খনকৈ গাঁও পানীৰ কৱলত।বানে নদীৰ মথাউৰিৰ ৫মিটাৰ অংশ খহাই লৈ গৈছে যাৰ বাবে সেজুলি গড়কাপ্তানী আৰু কাকৈ নদীৰ মথাউৰি সংযোগী পথৰ অৱস্থা বেয়া হোৱাৰ ফলত এই পানীৰ বাঢ়ি অহাৰ অন্যতম কাৰন বুলি জানিব পৰা গৈছে।

বৰ্তমান,উত্তৰ লক্ষীমপুৰ ৰাহজ চক্ৰৰ ৬খন গাঁও,নাওবৈচা ৰাজহ চক্ৰৰ ১৯খন গাঁও,সোৱনশিৰি ৰাজহ চক্ৰৰ ৭খন গাঁও,কদম ৰাজহ চক্ৰৰ ১০খন গাঁও,বিহপুৰীয়া ৰাজহ চক্ৰৰ ১৩খন গাঁও বানত প্লাৱিত হৈ থকাৰ লগতে মুঠ ৩৪,২১২লোক আৰু ১৭৩৬হেক্টৰ মাটি বানপানীত ক্ষতিগ্ৰস্ত হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com