লখিমপুৰত মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ শুভাৰম্ভ

লখিমপুৰত মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ শুভাৰম্ভ
Published on: 

লখিমপুৰ জিলা পুঁথিভৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানত মূখ্য অতিথি হিচাবে উপস্হিত ৰাজ্যৰ হস্ত-তাঁত, বস্ত্ৰ শিল্প, ৰেচম আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়নু যোজনা আঁচনিৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱলৈ ৰাজসাহাৰ্য্যযুক্ত ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভ কৰে।মন্ত্ৰীগৰাকীৰ উপস্থিতিত লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখনা,নাওবৈচা, বিহপুৰীয়া আৰু লখিমপুৰ চাৰিটা বিধানসভা সমষ্টিলৈ ১৭ খন ৰাজসাহাৰ্য্য ট্ৰেক্টৰ বিতৰণ কৰে।৭০ শতাংশ ৰাজসাহাৰ্য্য আৰু ৩০ শতাংশ বেংকৰ ঋণেৰে কৃষক সমাজক উপকৃত কৰাৰ লক্ষ্যৰে ট্ৰেক্টৰ বিতৰণী অনুষ্ঠানত উপস্থিতি থাকি মন্ত্ৰী ৰঞ্জিত দত্তৰ কয় মূখ্যমন্ত্ৰীৰ এই আঁচনিয়ে গ্ৰাম্য কৃষক অধিক লাভাম্বিত হোৱাৰ সুযোগ দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com