লখিমপুৰত ২৫ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

লখিমপুৰৰ ২৫ টা কেন্দ্ৰত পুনৰ অনুষ্ঠিত কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ৷ পুৱা ৭ বজাৰ পৰা হৈছে পুনৰ ভোটগ্ৰহণ ৷ ইফালে ৫ ডিচেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনত বিসংগতিৰ কাৰণে পুনৰ অনুষ্ঠিত কৰা হৈছে পঞ্চায়ত নিৰ্বাচন ৷ অন্যহাতে, ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৫ আৰু ৯ ডিচেম্বৰত ৷
কিন্তু পঞ্চায়ত নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন হিংসা প্ৰতিহিংসা তথা বেলট পেপাৰ বিসংগতি,ভোটাৰৰ নাম নহা আদি বিভিন্ন কাৰণত পুনৰ ভোটহগ্ৰহণ কৰা হৈছে ৰাজ্যৰ কিছুসংখ্যক অঞ্চলত ৷ ইফালে দেওবাৰে হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৩৫,০৫৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬৪,২১,৫১৮ গৰাকী ভোটাৰে৷ইয়াৰ ভিতৰতৰ জিলা পৰিষদৰ ১৬৯ জন সদস্য,৮৯৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য,৮৯৫ জন গাঁও পঞ্চায়তৰ সভাপতি আৰু ৮৯৫০ গৰাকী গাঁও পঞ্চায়তৰ সদস্য দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
ইফালে নিৰ্বাচনী প্ৰচাৰত যুদ্ধ সদৃশ পৰিবেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনী যুঁজৰ সন্মান ৰক্ষাৰ কাৰণে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাসমূহত নিৰ্বাচনী প্ৰচাৰ কৰে ৷
উল্লেখ্য যে,ৰাজ্যৰ বৰপেটা,বঙাইগাঁও, কাছাৰ,ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি,হোজাই, কৰিমগঞ্জ,দক্ষিণ শালমাৰা মানকাছাৰ আৰু নলবাৰীকে ধৰি ১০ খন জিলাত অনুষ্ঠিত হ’ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ ইফালে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতিৰ কাৰণে ৭ ডিচেম্বৰত হোৱা পুনৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় । লগতে শুক্ৰবাৰে হোৱা পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৭৩.১৬ শতাংশ ভোটদান সম্পন্ন হয় ৷ ইফালে,পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা হ’ব ১২ ডিচেম্বৰত ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি