Begin typing your search above and press return to search.

লণ্ডনত গ্ৰেপ্তাৰ কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদী

লণ্ডনত গ্ৰেপ্তাৰ কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 March 2019 12:41 PM GMT

বুধবাৰে লণ্ডনত গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদী। মুম্বাই শাখাৰ পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা জালিয়াতিৰে হৰলুকী কৰি পলাই ফুৰা নিৰব মোদীক আজি লণ্ডনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

৪৮ বছৰীয়া নিৰব মোদীক ভাৰতীয় কতৃপক্ষ হৈ লণ্ডন মেট্ৰপলিতান পুলিচে মংগলবাৰে অৰ্থাৎ ১৯ মাৰ্চত হলবৰ্নৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

লণ্ডনৰ আদালতত নিৰব মোদীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল । এনফৰ্চমেন্ট ডিৰেক্টৰেটে লণ্ডনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত প্ৰত্যাবৰ্তন বাবে আবেদন কৰিছিল । নিৰব মোদীক গ্ৰেপ্তাৰ কৰাৰ পিছত ৱেষ্টমিনষ্টাৰ আদালতত হাজিৰ কৰোৱা হব । ৱেষ্টমিনষ্টাৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ ব্যবস্থা কৰা হব ।

বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে নিৰব মোদীৰ বিৰুদ্ধে ৰেড কৰ্নাৰ ন'টিছ জাৰি কৰিছিল । চিবিআইয়ে ইন্টাৰপলক কৰা আবেদনৰ ভিত্তিত ২০১৮ চনৰ জুনত ৰেড কৰ্নাৰ ন'টিছ জাৰি কৰিছিল । নিৰব মোদীয়ে পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা হৰলুকী কৰি পলায়ন কৰিছিল । শেহতীয়াকৈ নিৰব মোদীক লণ্ডনত দেখিবলৈ পোৱা গৈছিল ।

নিৰব মোদী আৰু তেওঁৰ সম্পৰ্কীয় শ্বকচিয়ে যোৱা বছৰ জানুৱাৰীত দেশ এৰি পলায়ন কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি