Begin typing your search above and press return to search.

লণ্ডনৰ আদালতে নাকচ কৰিলে নিৰব মোদীৰ জামিন আবেদন

লণ্ডনৰ আদালতে নাকচ কৰিলে  নিৰব মোদীৰ জামিন আবেদন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2019 12:12 PM GMT

কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰে লণ্ডনৰ আদালতে। পঞ্জাৱ নেচনেল বেংকৰ পৰা বহু মিলিয়ন টকাৰ কেলেংকাৰীত অভিযুক্ত আৰু কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ প্ৰত্যাবৰ্তন প্ৰক্ৰিয়া চলি আছে।

২৪ মেত পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে । ৱেষ্টমিনষ্টাৰ মেজিচট্ৰেত কোৰ্টে প্ৰকাশ কৰে পুৰ্ন শুনানি ৩০ মেত হব ।

১৯ মাৰ্চত কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীক গ্ৰেপ্তাৰ কৰা হৈছিল । দক্ষিণ-পশ্চিম লণ্ডনৰ ৱাণ্ডচৱৰ্থ কাৰাগাৰত ৰখা হৈছে ৪৮ বছৰীয়া নিৰব মোদীক।

যোৱা মাহৰ শুনানিৰ সময়ত প্ৰকাশ কৰা হৈছিল যে নিৰব মোদীয়ে সাক্ষী সকলক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে আৰু মোবাইল ফোন অথবা বেলেগত থকা প্ৰমান তথ্য সমূহ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল ।

জানুৱাৰীৰ শেষৰ ফালে নিৰব মোদীয়ে তেওঁৰ পৰিয়ালৰ সৈতে দেশ এৰি পলায়ন কৰিছিল|

নিৰব মোদীৰ ভাৰতত থকা প্ৰায় ১,৮৭৩ কোটি টকাৰ সম্পতি ইতিমধ্যে চৰকাৰে বাজেয়াপ্ত কৰিছে । লগতে ৯৭০ কোটিৰ সম্পতিও বাজেয়াপ্ত কৰা হৈছে ।

বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে নিৰব মোদীৰ বিৰুদ্ধে ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । চিবিআইয়ে ইন্টাৰপলক কৰা আবেদনৰ ভিত্তিত ২০১৮ চনৰ জুনত ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । নিৰব মোদীয়ে পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা হৰলুকী কৰি পলায়ন কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

Next Story
চাকৰি