Begin typing your search above and press return to search.
লাখ টকাৰ সামগ্ৰী ভস্মীভূত হ’ল সৰুপথাৰত

এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় সৰুপথাৰৰ এখন দোকানত ৷ হৰি চন্দ্ৰ গগৈ নামৰ লোকজনৰ দোকানখনত সন্ধিয়া প্ৰায় ৭ বজাত হোৱা অগ্নিকাণ্ডটো চৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছত স্থানীয় বাসিন্দাই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।
ইফালে, প্ৰায় আধাঘন্টাৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ৷ লগতে অগ্নি নিৰ্বাপক কাৰ্যালয়ৰ পৰা এটা ইঞ্জিনৰ লগতে এখন ৱাটাৰ ট্ৰেঙ্ক পঠায়৷কিন্তু , তেতিয়ালৈ দোকানখনৰ অধিকাংশই ভস্মীভূত হয়।অৱশ্যে অগ্নিকাণ্ডটোত কোনো লোকৰ ক্ষতি হোৱা নাই ৷
অন্যহাতে,দোকানখনৰ স্বত্বাধিকাৰী হৰি চন্দ্ৰ গগৈয়ে কয় যে ম’বিলৰ লগতে গাড়ীৰ বিভিন্ন পাৰ্টছ থকা দোকানখনত মুঠ ২০ লাখ টকাৰ সামগ্ৰী জ্বলী ছাৰখাৰ হৈ যায় ৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি
Next Story