Begin typing your search above and press return to search.

লাজুকী বান্দৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

লাজুকী বান্দৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:38 AM GMT

দুলীয়াজানৰ সমীপৰ বজালনী নগাঁওত এটি দুস্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ হৈছিল।জানিবপৰামতে, সেইদিনা আপাৰ দিহিং অভয়াৰণ্যৰ পৰা ওলাই আহি লাজুকী বান্দৰটোৱে উক্ত অঞ্চলৰ ৰুদ্ৰ মৰাণৰ বাৰীৰ এজোপা গছত আশ্ৰয় লৈ আছিল।তাৰ পিচতেই ৰুদ্ৰই স্থানীয় ৰাইজৰ সহযোগত লাজুকী বান্দৰটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিছিল।অন্যহাতে ৰাইজৰ সিদ্ধান্ত অনুসৰি বান্দৰটো নাহৰকটীয়া চাচনী মেৰবিল পৰ্য্যটন প্ৰকল্পলৈ নিয়াৰ বাবে বন বিভাগৰ লোকে ৰাইজৰ ওচৰলৈ আহিছিল। ৰাইজৰ অভিযোগ অনুসৰি সেই সময়তে এটি বেচৰকাৰী সংস্থাই আদবাটতে বান্দৰটো লৈ উধাও হয় । ইয়াৰ পিচতেই বৃহত্তৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। উত্তেজিত ৰাইজে বন বিভাগৰ লোকক আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বান্দৰৰ সন্ধানত অভিযান অব্যাহত ৰাখে। ইফালে ঘটনাস্হলীত কেইবাখনো আৰক্ষী থানাৰ বৃহৎ আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই। শেহতীয়াকৈ আৰক্ষীয়ে লাজুকী বান্দৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Next Story
চাকৰি