"লাভৰাত্ৰি" ছবি খনৰ 'তেৰা হোৱা' গানটোৰ জনপ্ৰিয়তা

"লাভৰাত্ৰি" ছবি খনৰ 'তেৰা হোৱা' গানটোৰ জনপ্ৰিয়তা
Published on

আৰু এটি অতি সুন্দৰ গীত মুক্তি পাইছে দৰ্শক সকলৰ বাবে,গীতটি হৈছে "লাভৰাত্ৰি" ছবি খনৰ।অতি সুন্দৰ ৰোমাণ্টিক ছবি খনৰ গীতসমূহে ইতিমধ্যে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে।'তেৰা-হোৱা' গীতটোৱে ইতিমধ্যে ইণ্টাৰনেটত অধিক হিট পাবলৈও সক্ষম হৈছে।ছবি খনত দেখিবলৈ পোৱা যাব আয়ুচ শৰ্মা আৰু ৱাৰিনা হুছেইনৰ মাজত গঢ়ি উঠা ৰোমাণ্টিক স্ক্ৰিন। প্ৰধানকৈ প্ৰেম,ৰোমাণ্টিক,ট্ৰেজেদি,বিচ্ছেদ,মিলন আদিৰ সংমিশ্ৰনৰ ছবি খন দৰ্শক আমোদ দিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।

"লাভৰাত্ৰি" ছবি খনৰ কাহিনী ভাগ লিখিছে নৰেন ভট্ট আৰু নিৰ্দেশক হৈছে অভিৰাজ।ছবি খন চলমান খানে প্ৰডিউচ কৰা চলমান খান ফ্লিমৰ বেনাৰৰ অন্তৰ্গত।চলিত বছৰৰ অহা ৫ অক্টোবৰত মুক্তি পাব ছবি খনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com