ৰাজ্যখনত বিভিন্ন সময়ত থলুৱা যুৱক যুৱতীক ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে বিভন্ন চাকৰিৰ নিযুক্তি কৰি আহা কোনো নতুন কথা নহয় ৷ উত্তৰ পূব সীমান্ত ৰেলৱেতো বহি:ৰাজ্যৰ বিভিন্ন বিভন্ন প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰি আহিছে আৰু থলুৱা শিক্ষিত নিৱনুৱা বিভিন্ন সময়ত উপেক্ষিত হৈ আহাৰ সময়তে পুনৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলত এইবাৰ শ শ যুৱক যুৱতী নিজৰ প্ৰাপ্য কেৱলেৰ চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ আজি লামডিঙৰ ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত থলুৱা যুৱক যুৱতীৰ প্ৰতিবাদ । থুলুৱা যুৱক যুৱতীক ৰেল বিভাগৰ প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত কৰক লৈ এই প্ৰতিবাদ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক যুৱক যুৱতী এই প্ৰতিবাদ ৷
লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত থলুৱা যুৱক যুৱতীৰ প্ৰতিবাদ

Next Story