লামডিঙত জুৱাৰ বৃহৎ ঘাটি উৎখাত

লামডিঙত জুৱাৰ বৃহৎ ঘাটি উৎখাত
Published on

লামডিঙত আৰক্ষীৰ জালত বৃহৎ জুৱাৰ দল ৷ বহু দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ৰমৰমীয়া জুৱা ৷ আৰক্ষীক বুঢ়া আঙুলী দেখুৱাই ছচিয়েল মিডিয়াত আৰক্ষীক অপেন চেলেঞ্জ ৷ ফেচবুকত মুকলিকৈ জুৱাৰ বিজ্ঞাপন দিছিল নান্টু চৌধুৰী নামৰ একাউন্তৰ পৰা ৷ আৰক্ষীৰ ভাষ্য মতে নান্টু চৌধুৰী আৰু ৰাজু দেৱৰ নেতৃত্বত বহু দিনৰ পৰা লামডিঙত আৰক্ষীৰ চকুত ধুলি মাৰি এনে দৰে জুৱা চলাই আহিছিল ৷ যোৱা নিশা লামডিং আৰক্ষীৰ ভাৰ প্ৰাপ্ত বিষয়া মুনিন চমুৱাৰ নেতৃত্বত লামডিং ৰিলিফ্ য়াৰ্ডৰ বি ঘুমটি অঞ্চলত অভিযান চলায় আৰু তাৰ পৰা নগদ ১লাখ ৫০ হাজাৰ টকা সহ দহ জন লোকক আটক কৰে ৷ উঠি আহা যুৱক সকলক লামডিঙৰ এই জুৱা গেং এ ধ্বংস কৰি আহিছ বুলি লামডিং আৰক্ষী বিষয়া গৰাকীয় জানিবলৈ দিয়ে ৷ অৱশেষত লামডিং আৰক্ষীৰ জালত পৰিলে এই জুৱাৰ দলটো ৷ আৰক্ষীয়ে আটক কৰা সকল হ'ল নান্টু চৌধুৰী, ৰাজু দেৱ, তপন সুত্ৰধৰ, বিশ্বজিৎ দাস, চেনিৰাম দাস, মনা ভৌমিক, সমীৰণ সিংহ, সুদিপ দেৱ, চঞ্জয় কুৰি আৰু অজয় দে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com