
হঠাতে লামডিঙত ডেংগুত আক্ৰান্ত লোকৰ বৃদ্ধিয়ে লামডিঙৰ চিন্তনীয় বিষয় হৈ পৰিছে ৷ লামডিংস্থিত ৰেলৱে' বিভাগৰ মুখ্য স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰেল নগৰীখনত বিশেষ কোনো পদক্ষেপ গ্ৰহন নকৰে তথা সময়ে সময়ে মহৰ পৰা হাত সাৰিবলৈ যাৱতীয় ধোঁৱা নিদিয়াৰো, অভিযোগ উঠিছে আৰু নলা নৰ্দমাবোৰ সময় মতে পৰিষ্কাৰ নকৰাৰ বাবে লামডিঙত প্ৰতিদিনে ১০-১২ জন লোক ডেংগুত আক্ৰান্ত হৈছে ৷