লামডিঙত ভয়াবহ অগ্নিকাণ্ড সংঘটিত

লামডিঙত ভয়াবহ অগ্নিকাণ্ড সংঘটিত
Published on

ৰেল নগৰী লামডিঙত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে । তেল মজুত ৰখা ৰেলৰ পৰিত্যক্ত তিনিটা তেলৰ টেংকাৰৰ দবা হঠাৎ দাও দাওকৈ জ্বলি উঠিল ৷ লামডিঙৰ ৰেল কলনী চাউথ ইয়াৰ্ডৰ থকা পৰিত্যক্ত তিনিটা তেল কঢ়িওৱা ৰেলৰ টেংকাৰত আজি হঠাৎ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় এই । দাও দাও কৈ জলি উঠা জুইৰ লিলিহান শিখাই সমগ্ৰহ অঞ্চল আৱৰি পৰে। ভয়াবহ অগ্নিৰ পৰা কথমপি ৰক্ষা পৰিল লামডিং চাউথ ইয়াৰ্ডৰ বৃহৎ অঞ্চলটো ৷ অগ্নিকাণ্ড কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে ৰেল বিভাগৰ পৰিতক্ত ৰেলৰ ডবাকে ধৰি বহু সামগ্ৰী চাউথ ইয়াৰ্তড সংৰক্ষন কৰি ৰক্ষা হয় কিন্তু কিদৰে দিন দুপৰতে বহুদিন পৰি থকা তেল টেংকাৰত কেনেকৈ এই ঘটনা সংঘটিত হল ইয়াক লৈ চাঞ্চলৰ সৃষ্টি হৈছে ৰেল নগৰী লামডিংত। ঘটনা স্থলীত ৰেল আৰক্ষী উপস্থিত হৈছে যদিও অগ্নিনিৰ্বাক বাহিনীৰ গাড়ী বহু পলম কৈ উপস্থিত হোৱাৰ অভিযোগ।অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই আৰু বৰ্তমান লৈকে ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

ৰেলবিভাগে জনোৱা মতে এই ৰেলৰ তেলৰ টেংকাৰসমূহ ঠিকা ভিত্তিক হিচাপে শেখৰ দাস নাম এজন ঠিকাদাৰে লৈছিল ৷ আৰু তিনিবছৰ পুৰনি এই তেলৰ টেংকাৰত তেলৰ চামনি থকাৰ বাবেই অগ্নিকাণ্ড সংঘটিত হ'ল ৷ আনফালে স্থানীয় ৰাইজে জনোৱা মতে তেলৰ টেংকাৰত তেল মজুত ৰখাৰ বাবেই আজি কোনো কাৰনত এই ঘটনা সংঘটিত হ'ল ৷ আনহাতে ৰেল নগৰীখনত ৰেলৰ ট্ৰেংকাৰ পৰা এচাম চুৰি ব্যৱসায় লোকে তেল চুৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বাবে এবছৰ পূৰ্বে চুৰি তেলৰ গুদাম এটাত অগ্নিকাণ্ড সংঘটিত হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com