লামডিঙৰ বানাক্ৰান্ত অঞ্চলত হোজাই জিলা প্ৰশাসনৰ সাহাৰ্য প্ৰদান

লামডিঙৰ বানাক্ৰান্ত অঞ্চলত হোজাই জিলা প্ৰশাসনৰ সাহাৰ্য প্ৰদান
Published on

যোৱা ৫ চেপ্তম্বৰৰ দিনা ৰেলনগৰী লামডিঙত হঠাতে হোৱা কৃত্ৰিম বানপানীয়ে সৰ্বহাৰা কৰিছিল লামডিঙৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০০টা পৰিয়ালক ৷ হঠাতে হোৱা পানীৰ বাবে সমগ্ৰ লামডিঙতে হাহাকাৰৰ সৃষ্টি হৈছিল ৷ আজি ৫ দিনৰ মূৰতহে হোজাই জিলা প্ৰশাসন লামডিঙৰ বৰ্নাত্যৰ কাষত আহি উপস্থিত হ'ল ৷ আহি সকলো বনাক্ৰান্ত এলেকাৰ বুজ লয় আৰু বৰ্ন্যাত সকলক প্ৰয়জনীয় সমগ্ৰী বিতৰণ কৰে ৷ কিন্তু আজি ৫দিন ধৰি লামডিং শংকৰ পল্লীত ৱাৰ্ড কমিচনৰ সঞ্জিৱ লোধে বনাত ক্ষতিগ্ৰস্থ লোকৰ কাষত থিয় হৈ প্ৰতিদিনে তেওলোকৰ বাবে আহাৰৰ যোগাধন ধৰাৰ লগতে লামডিঙৰ বিধায়ক শিবু মিশ্ৰইও বহু পৰিমাণে সহায়ৰ হাত আগবঢ়াইছে ৷ লগতে বিধায়ক গৰাকীয়ে আজি জনায় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লামডিঙৰ বনাক্ৰান্ত সকলৰ অতি সোনকালে ক্ষতিপূৰণদি পুনৰ সংস্থাপন কৰিবলৈ হোজাইজিলাৰ উপায়ুক্তক নিৰ্দেশ দিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com