ৰেলনগৰী লামডিঙলৈ সুনাম কঢ়িয়াই আনিলে এজন যুৱকে ৷ মিষ্টাৰ অসমৰ খিতাপ অৰ্জন কৰিলে লামডিঙৰ বিকি ওৰফে সুভঙ্কৰ দাসে ৷২১ আৰু ২২ তাৰিখে গুৱাহাটীৰ জিলা পুথিভৰালত অনুষ্ঠিত হোৱা সদৌ অসম ভিক্তি দেহশ্ৰী প্ৰতিযোগিতাত শ্ৰেষ্ঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বিকি লামডিঙৰ ফিটনেচ ক্লাৱৰ এজন প্ৰশিক্ষক ৷ বিকিৰ এই সফলতাত জিমখনৰ সকলো প্ৰনিক্ষাৰ্থীৰ লগতে সমগ্ৰ লামডিং বাসীয়ে গৌৰৱ অনুভব কৰিছে ৷ কালি লামডিঙলৈ ওভতিয়ে বিকি মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জনৰ বাবে ব্যস্ত হৈ পৰিছে ৷ দিনে নিশাই কষ্ট কৰি গৈছে বিকিয়ে ৷ বিকিয়ে এই সফলতাৰ পিছতো অসম চৰকাৰ তথা হোজাই জিলা প্ৰশাসনৰ পৰা কোনোধৰণৰ সহায় সহযোগিতা বিকিয়ে লাভ কৰা নাই বুলি জানিব পৰা গৈছে।
Begin typing your search above and press return to search.