লাহোৰত ভয়াবহ বিস্ফোৰণ: ৮ জন নিহত, ২৫ জন আহত

আজি লাহোৰত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়। লাহোৰৰ ডাতা দাৰবাৰৰ মছজিদ সমিপত এই ভয়াবহ বোমা বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণত ৮ জন লোক নিহত হোৱাৰ লগতে ২৫ জন লোক আহত হৈছে । আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰিছিল । এক জনসমাগম অঞ্চলক লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰে। পুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত হয় বিস্ফোৰণটো ।
বোমা বিস্ফোৰণৰ ফলত গাড়ীৰ আইনৰ লগতে ওচৰৰ অট্টালিকাতো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । আৰক্ষীয়ে বিস্ফোৰণটো আত্মঘাটী বোমাৰোৰ দ্বাৰা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।
পাঞ্জাবৰ আই জি পি আৰিফ নাৱাজে প্ৰকাশ কৰা মতে এই আক্ৰমন আৰক্ষীলৈ লক্ষ্য কৰিয়ে কৰা হৈছে তাত কোনো সন্দেহ নাই । পুৱা সময়ত মছজিদৰ সমিপত যথেষ্ট আৰক্ষী মোতায়েন কৰা হয় । নাৱাজে লগতে প্ৰকাশ কৰে যে বিস্ফোৰণটো প্ৰায় ৮ কেজি ওজনৰ হব ।
বিস্ফোৰণত ৩ জন আৰক্ষী বিষয়া, এজন নাগৰিক আৰু নিৰাপত্তা ৰক্ষী নিহত হৈছে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বিস্ফোৰণত ৮ জন লোক নিহত হৈছে । আহত সকলক মায়' চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই মছজিদটোত প্ৰবিত্ৰ ৰমজান মাহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয় ।
ডাতা দাৰবাৰ মছজিদত এয়া তৃতীয়টো ভয়াবহ বিস্ফোৰণৰ ঘটনাৰ সংঘটিত হৈছে । বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি