লোকসভাত শিলচৰৰ প্ৰাৰ্থী হব নেকি হিমন্ত বিশ্ব শৰ্মা?

লোকসভাত শিলচৰৰ প্ৰাৰ্থী হব নেকি হিমন্ত বিশ্ব শৰ্মা?
Published on

লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দল সমূহৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এইক্ষেত্ৰত শাসকীয় ভাৰতীয় জনতা পাৰ্টিও কোনোগুণে পিছপৰি ৰোৱা নাই। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰাল ভাবে শিলচৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন হব তাকে লৈ জল্পনা কল্পনাৰ সৃষ্টি হৈছে। অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হব পাৰে বুলি কানে কানে খবৰ ওলাইছে। বুধবাৰে দিশপুৰ সচিবালয়ত অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সম্পৰ্কে প্ৰশ্ন কৰাত অসন্তুষ্ট হৈ পৰে

মন্ত্ৰীজন। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে এই খবৰ সম্পূৰ্ণ মনে সজা, কেবল বিতৰ্ক সৃষ্টি কৰাৰ বাবে এনে ধৰণৰ খবৰ প্ৰচাৰ কৰা হৈছে। আকৌ বাকপটুতাৰে মন্ত্ৰী গৰাকীয়ে কয় যে মোৰ বাবে সমগ্ৰ অসমৰ পৰা প্ৰস্তাব আহে। সকলোৱে মোক ভোট দিব বিছাৰে কিন্তু মই কি সকলো ঠাইলৈ যাব পাৰিম? সাংবাদিকক ওলোটাই এইদৰে প্ৰশ্নহে কৰে চতুৰ মন্ত্ৰী গৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাই আকৌ কয় যে ৰাজ্যত বহুতো উন্নয়ণ মূলক কাম কৰিব বাকী আছে ক'ৰ পৰা নিৰ্বাচন খেলিম এইবোৰ কথা ভাবিবলৈ মোৰ সময় নাই। কিন্তু আচল সত্যটো সময়তহে প্ৰকাশ হব। এই মহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিষয়টোত কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ কৰা নাই যেন দেখুৱাইছে। হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীক এনেধৰণৰ খবৰে বৰাক উপত্যকাত কি ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সেয়া লক্ষ্যণীয় হব। সমগ্ৰ বিষয়টো সন্দৰ্ভত শিলচৰৰ বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধক্ষ্য দিলীপ কুমাৰ পালে কয় যে এনেধৰণৰ কোনো খবৰ বা তথ্য মোৰ হাতত নাই কিন্তু দলৰ আগশাৰীৰ নেতা হিচাপে যদি দলে শিলচৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক প্ৰক্ষেপ কৰে তেন্তে আমি সেই কথাক স্বাগতম জনাম। দিলীপ কুমাৰ পালে পুনৰ কয় যে শিলচৰৰ পৰা যদি হিমন্ত বিশ্ব শৰ্মা লোক সভাৰ সাংসদ হিচাপে জয়ী হৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় তেন্তে শিলচৰৰ নিশ্চিত ভাবে উন্নয়ণ হব। শিলচৰত বিজেপিৰ প্ৰাৰ্থীৰ দাবীদাৰ হৈ আছে কৌশিক ৰায়, ৰাজ্যৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজদীপ ৰায়, বিধায়ক দিলীপ কুমাৰ পাল। শিলচৰত কংগ্ৰেছৰ সাংসদ সুস্মিতা দেবৰ অৱস্থাও যথেষ্ট মজবুত।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com