হেঙাৰাবাৰীস্হিত ভাৰতীয় জনতা পাৰ্টি মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক লোকসভাৰ নিৰ্বাচনত ১৪ টা সমষ্টিতে বিজয় হব বুলি প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত নিৰ্বাচনত ৫ টা সমষ্টিতে বিজেপিয়ে লাভ কৰিব বুলি প্ৰকাশ কৰে। বিজেপিক গনতন্ত্ৰৰ চৰকাৰ বুলি অভিহিত কৰে । লগতে কংগ্ৰেছক পৰিয়াল তান্ত্ৰিক দল বুলি সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।
লোকসভা নিৰ্বাচনত ১৪ টা সমষ্টিতে বিজেপিৰ মিত্ৰজোট চৰকাৰে দখল কৰিব বুলি প্ৰকাশ কৰাৰ লগতে ধুবুৰীত জাভেদ ইছলাম নিশ্চিতভাৱে জয়ী হব কয় । ধুবুৰী বাসীয়ে আজমলৰ ৰাজনীতি নাইকিয়া হোৱাটো বিছাৰিছে । লগতে কয় আজমল আৰু আবু তাহেৰ বেপাৰী সবল প্ৰাৰ্থী ।কিন্তু তাতোকৈ অধিক শক্তিশালী জাভেদ ইছলাম।
কোকৰাঝাৰ সমষ্টিতো বিপিএফ জয় হোৱাটো নিশ্চিত বুলি দাবী কৰি কয় "সংবিধান বহিৰ্ভুত শব্দ অবড়ো। ৰাইজে অবড়োৰ নামত ৰাজনীতি নকৰাতো বিচাৰিচে বুলি প্ৰকাশ কৰে। গতিকে প্ৰমীলা ৰাণী ব্ৰহ্ম জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল।তদুপৰি বৰপেটা সমষ্টিত ৫০ হাজাৰ ভোটত অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস জয়ী হব বুলিও দাবী কৰে দাসে। লগতে মঙ্গলদৈ সমষ্টিতো তেওঁৰ মতে দিলীপ দাস জয়ী হব ২ লাখ ভোটত। আনহাতে বিশাল ভোটত ডিফু সমষ্টিত হৰেনসিং বে জয় হব বুলি প্ৰকাশ কৰাৰ উপৰিও কৰিমগঞ্জ আৰু শিলচৰতো বিজেপিয়ে দখল কৰিব বুলি প্ৰবল আশাবাদী ৰাজ্যিক সভাপতি জন।
পূৰ্বতে বিজেপিৰ মিত্ৰজোঁট চৰকাৰে ১১ খন আসন দাবী কৰিছিল । কিন্তু বৰ্তমান ১৪ খন আসনে লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।
সংবাদমেলত কংগ্ৰেছক সমালোচনা কৰি ৰঞ্জিত কুমাৰ দাসে কয় "কংগ্ৰেছ দল যে পৰিয়ালতান্ত্ৰিক, সেই কথা ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে।ৰাহুল গান্ধীয়ে অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা একো নাজানে |জাপিক টুপী বুলি কয় বুলিও প্ৰকাশ কৰে ৰঞ্জিত দাসে ।
আজমলৰ লগত কংগ্ৰেছৰ মুকলি মিত্ৰতা| কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় "সেয়েহে তেজপুৰ, কলিয়াবৰ, নগাওঁ আৰু কোকৰাঝাৰত প্ৰাৰ্থী দিয়া নাই। একমাত্ৰ পুত্ৰ সাংসদ হোৱাৰ স্বাৰ্থত গগৈয়ে কৰিছে আজমলৰ সৈতে মিত্ৰতা বুলি প্ৰকাশ কৰিছে ।
অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি