Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছতেই দলৰ নেতা-কৰ্মীৰ পদত্যাগৰ সিদ্ধান্ত

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ  পিছতেই দলৰ নেতা-কৰ্মীৰ পদত্যাগৰ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 8:04 AM GMT

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত সোমবাৰে দলৰ নেতা কৰ্মীসকলে সম্প্ৰতি পদত্যাগ পত্ৰ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দলৰ এই সিদ্ধান্তৰ মাজতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে সোমবাৰে দলৰ কোষাধ্যক্ষ আহমদ পেটেল আৰু সাধাৰণ সম্পাদক কেচি বেনুগোপালক সাক্ষাৎ কৰে ৷

ইফালে পেটেলে প্ৰকাশ কৰে যে কংগ্ৰেছৰ কাৰ্যবাহী কমিটীয়ে ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ ল’বলৈ অস্বীকাৰ কৰাৰ পিছতেই,এই সন্দৰ্ভত গান্ধীক সাক্ষাৎ কৰিছিল৷ লগতে প্ৰশাসনিক কামৰ কাৰণে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰে ৷ ইফালে,তিনিখন ৰাজ্যৰ দলৰ মূল নেতাসকলে পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ উত্তৰ প্ৰদেশ,ওড়িশা আৰু মহাৰাষ্ট্ৰৰ পাছত আৰু তিনিজক কংগ্ৰেছ নেতাই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে ৷

পাঞ্জাৱৰ কংগ্ৰেছৰ নেতা তথা গুৰদাসপুৰৰ সাংসদ সুনীল জাখাৰে ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ দাখিল কৰে ৷ সুনীল জাখাৰে ছানী দেওলৰ বিৰুদ্ধে পৰাজয়ৰ বাবে পদত্যাগ কৰিছে ৷ অন্যহাতে ঝাৰখণ্ডৰ কংগ্ৰেছৰ নেতা অজয় কুমাৰেও পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ দলটোৱে ৰাজ্যখনত কেৱল এখন আসনত জয় লাভ কৰিছে ৷ উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ৰিপুণ বৰায়ো ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ লগতে ৰাহুল গান্ধীক ৰিপুন বৰাৰ ঠাইত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ কাৰণে চিন্তা চৰ্চা কৰিবলৈ কয় ৰাহুল গান্ধীক ।

মহাৰাষ্টৰ আশোক শ্ৰাৱন,উত্তৰ প্ৰদেশৰ ৰাজ বাব্বৰ আৰু ওৰিষ্যাৰ কংগ্ৰেছৰ নেতা নিৰঞ্জন পাটনায়কে ইতিমধ্যে পদত্যাগ দাখিল কৰিছে ৷ উত্তৰ প্ৰদেশৰ আমেঠিৰ কংগ্ৰেছৰ যোগেন্দ্ৰ মিশ্ৰাই পৰাজয়ৰ পিছত ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ দাখিল কৰে ৷উল্লেখ্য যে , কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিগত নিৰ্বাচনত পৰাজয়ৰ পিছত শনিবাৰে কংগ্ৰছৰ কাৰ্যবাহী কমিটী অৰ্থাৎ চি ডব্লিউ চিলৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও,চি ডব্লিউ চিয়ে সৰ্বসন্মতি ক্ৰমে ৰাহুল গান্ধীৰ এই পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি