লোকসভা নিৰ্বাচনত জনসাধাৰণৰ পূৰ্ণ সহযোগ থাকিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Published on

আগন্তক লোকসভা নিৰ্বাচনত জনসাধাৰণৰ পূৰ্ণ সহযোগ থাকিব ৷ সকলো জনসাধাৰণে দেশৰ সামগ্ৰিক বিকাশৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিছাপে বিছাৰিছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। সোমবাৰে লক্ষীমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ মন্ত্ৰী নৱ কুমাৰ দলেৰ লগত সাংসদ প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰা সন্দৰ্ভত তথা যাৱতীয় সকলো কাৰ্য কৰাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদ মাধ্যমৰ সন্মুখত কয় যে আমাৰ বিশ্বাস আছে যে অসমবাসীয়ে বিজেপি আৰু মিত্ৰদলক ভোটদান কৰিব ৷ আৰু নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সবল নেতৃত্বত সকলো সম্ভৱ হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচ বছৰত যি কৰিলে কংগ্ৰেছে বিগত ৬০ বছৰত একো কৰিব নোৱাৰিলে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com