লোকসভা নিৰ্বাচনত জয়ী হৈ মা বগলা মন্দিৰত আশীষ ল'লে স্মৃতি ইৰানীয়ে

লোকসভা নিৰ্বাচনত জয়ী হৈ মা বগলা মন্দিৰত আশীষ ল'লে স্মৃতি ইৰানীয়ে
Published on

আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীষ লয় নৱ নিৰ্বাচিত সাংসদ স্মৃতি ইৰানীয়ে । নীলাচল পাহাৰত থকা মা বগলা মন্দিৰ সেৱা আগবঢ়াই স্মৃতি ইৰানীয়ে । মা বগলা মন্দিৰত পূজা অৰ্চনা আগবঢ়াই ।

লোকসভা নিৰ্বাচনত আমেথিৰ পৰা জয়ী হৈছে স্মৃতি ইৰানীয়ে । কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক পৰাজিত কৰে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে। স্মৃতি ইৰানীয়ে আমেথি লোকসভা সমষ্টিত ৪৯.৬% লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৪৩.৮৯% লাভ কৰে।

গুৱাহাটীত উপস্থিত হৈয়ে কামাখ্যা মাৰ ওচৰত আশীষ লৈ পুনৰ উভতি যায় নৱ নিৰ্বাচিত সাংসদ গৰাকী।নব নিৰ্বাচিত সাংসদ গৰাকীৰ আগমনকলৈ মন্দিৰৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com