Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনত পুনৰ প্ৰধানমন্ত্ৰী মোদীক নিৰ্বাচিত কৰাৰ বাবে ভোটাৰক ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনত পুনৰ প্ৰধানমন্ত্ৰী মোদীক নিৰ্বাচিত কৰাৰ বাবে  ভোটাৰক ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 9:43 AM GMT

অসমৰ বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ে জনসাধাৰণক পুনৰ বিজেপিক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । বৃহস্পতি বাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনত বিজেপিয়ে দেশত অকলেই ৩০৩ খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিজেপিৰ মিত্ৰজোট চৰকাৰে লাভ ৩৫৩ খন আসন।

হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে দেশৰ জনসাধাৰণে পুনৰ বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে । লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে জনসাধাৰণে মোদীক ভাল পাই আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগত ভাৱে সকলোকে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলক সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব ।

হিমন্ত বিশ্ব শৰ্মায়ে উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলৰ বিশ্বাস দিয়ে যে মোদীয়ে পুনৰ উন্নয়নৰ হকে কাম কৰাৰ লগতে আৰু উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিৰ বাবে কাম কৰিব । বিৰোধীয়ে জনসাধাৰণক সন্মান নকৰে। মোদীৰ নেতৃত্বত আগন্তুক বছৰত দেশ বহুত আগবাঢ়ি যাব বুলি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি