লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত ১২ খনত জয়ী হোৱাটো নিশ্চিতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে যে অনাগত নিৰ্বাচনত ১৪ খন লোকসভা আসনৰ ভিতৰত ১২ খনত জয়ী লাভ কৰিব।নিৰ্বাচনক লৈ উৎসাহী তথা আত্ম বিশ্বাসী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ব্যস্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ৷ তাৰ মাজতে দেওবাৰে বৰপেটা জিলাৰ বিজেপিৰ নেতৃবৰ্গৰ লগত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সোনোৱাল ৷ বৈঠকখনক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দলৰ নেতৃবৰ্গৰ সন্মুখত কয় যে নৰেন্দ্ৰ মোডীক দ্বিতীয় বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত কৰিবৰ কাৰণে দেশৰ জনসাধাৰণে প্ৰথমৰ পৰাই বিছাৰে ৷
মুখ্যমন্ত্ৰী সোনোৱালে বিজেপি, এজিপি আৰু বিপিএফ সকলোকে নিৰ্বাচনত আন্তৰিকতাৰে কাম কৰিবলৈ কয় ৷ ইফালে শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আগন্তক নিৰ্বাচনত ৰননীতি তৈয়াৰ কৰিবৰ কাৰণে বিজেপি, এজিপি আৰু সন্মিলিত গণশক্তিৰ সৈতে এখন বৈঠকত ভাগ লয়। দেওবাৰে বৰপেটাত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বিজেপি দলে অসমৰ ১৪ খন আসনত জয়ী হোৱাটো লক্ষ্য যদিও,ইয়াৰে ১২ খন আসন পোৱাটো সুনিশ্চিত ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা মিত্ৰতাৰ সন্দৰ্ভত প্ৰচাৰিত খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে এসময়ত বদৰুদ্দিন আজমলৰ অস্তিত্বৰ সন্দৰ্ভত প্ৰশ্ন কৰা কংগ্ৰেছে সম্প্ৰতি এআইইউডিএফৰ ওচৰত আত্মসমৰ্পন কৰিছে ৷ গতিকে জনসাধাৰণে সম্প্ৰতি দুয়োটা দলৰে ভাৱমূৰ্তি বুজি পাইছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ ৷
অন্যহাতে,কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সম্ভাৱিত মিত্ৰতাৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ এই সন্দৰ্ভত মংগলদৈৰ সংসদীয় ক্ষেত্ৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাই কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃ বৰ্গৰ মাজত এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷গতিকে মিত্ৰতা সন্দৰ্ভত তেওঁলোকে ঘোষণা কৰিব ৷ উল্লেখ্য যে এআইইডিএফৰ মুখ্য নেতা বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত কৈছিল যে যদি কংগ্ৰেছ আৰু এআইইউডিএফ অনাগত নিৰ্বাচনত মিত্ৰতা নকৰে , তেতিয়া অনাগত নিৰ্বাচনত বিজেপিৰ লাভ হ’ব ৷ গতিকে বদৰুদ্দিন আজমলে মিত্ৰতাৰ ক্ষেত্ৰত এক ইংগিত প্ৰদান কৰিছে ৷ ইফালে, এআইইউডিএফে অনাগত নিৰ্বাচনৰ কাৰণে বৰপেটা,ধুবুৰী আৰু কৰীমগঞ্জৰ তিনিখন সংসদীয় ক্ষেত্ৰৰ কাৰণে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি