লোকসভা নিৰ্বাচনত সজাগতা সভায়ে ভোটাৰৰ হাৰ বৃদ্ধি কৰিব ধুবুৰীত

লোকসভা নিৰ্বাচনত সজাগতা সভায়ে ভোটাৰৰ হাৰ বৃদ্ধি কৰিব ধুবুৰীত
Published on

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ধুবুৰী সমষ্টিত SVEEP য়ে আয়োজন কৰা ভোটাৰৰ সজাগতা সভায়ে ভোটৰ হাৰ বৃদ্ধি কৰিব । ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত SVEEP য়ে নিৰ্বাচন সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰিছিল ।

SVEEP চেলৰ নডেল বিষয়া মৃগাক্ষী দাসে প্ৰকাশ কৰে যে সজাগতা সৃষ্টি কৰিবলৈ জিলাৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে কুইজ, শ্লোগান লিখা, মাৰাথান আৰু আকস্মিক ব্যক্তিতা আদি অনুষ্ঠিত কৰি আহিছিল ।

বিভিন্ন গাঁও পঞ্চায়ত আৰু ব্লক পৰ্যায়ত চন্দ্ৰপ্ৰভা বাইদেউ শীৰ্ষক ৰেলীৰে সংবেদনশীল মহিলা আৰু বিশেষ ভাবে সক্ষম ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিছিল । আৰ কে বাছু প্ৰাথ্যমিক বিদ্যালয়ত শেহতীয়াকৈ কেন্দ্ৰীয় নিৰ্বাচনী পাঠশালা অনুষ্ঠিত কৰা হৈছিল । এই অনুষ্ঠানত উপস্থিত আছিল সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাস । লগতে এই অনুষ্ঠানত ১০ জনৰো অধিক বুথ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল । এই অনুষ্ঠানতে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

নিৰ্বাচনী পাঠশালা আৰু ইলেক্টৰেল লিটাৰেচি ক্লাবে ইভিএম আৰু ভিভিপেটৰ ওপৰত সজাগতা সৃষ্টি কৰা হয় । ইয়াৰ যোগেদি ভোটাৰে যাতে তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে ভোটাৰ সংখ্যা বৃদ্ধি হয় তাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি প্ৰকাশ কৰে ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ধুবুৰীত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com