লোকসভা নিৰ্বাচনীত উত্তৰ মুম্বাই লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব অভিনেত্ৰী উৰ্মীলাক

লোকসভা নিৰ্বাচনীত উত্তৰ মুম্বাই লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব অভিনেত্ৰী উৰ্মীলাক
Published on

শুকুৰবাৰে কংগ্ৰেছে উত্তৰ মুম্বাই লোকসভা সমষ্টিৰ পৰা অভিনেত্ৰী উৰ্মীলা মাট'ণ্ডকাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে উৰ্মীলা মাট'ণ্ডকাৰে দুদিনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল ।

বুধবাৰে অভিনেত্ৰী উৰ্মীলা মাট'ণ্ডকাৰৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ লগত আলোচনা কৰাৰ পাছতে কংগ্ৰেছত যোগদান কৰিছিল ।

দলে প্ৰকাশ কৰে যে সাধাৰণ নিৰ্বাচনৰ বাবে মহাৰাষ্ট্ৰৰ উত্তৰ মুম্বাই লোকসভা সমষ্টিৰ পৰা উৰ্মীলা মাট'ণ্ডকাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

কংগ্ৰেছ দলত যোগদান কৰি উৰ্মীলাই প্ৰকাশ কৰিছিল যোৱা ৫ বছৰত দেশত প্ৰকাশ কৰাৰ স্বাধীনতা খৰ্ব হৈছে । সেয়েহে তেওঁ কংগ্ৰেছত যোগদান কৰাৰ প্ৰয়োজন অনুভৱ কৰিছে বুলি প্ৰকাশ কৰিছে । লগতে অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছে স্বাধীনভাৱে সংঘৰ্ষ কৰি যোৱাৰ লগতে আৰু স্বাধীনতা বাবে থিয় হৈ আহিছে ।

বিজেপিৰ সাংসদ গোপাল চেট্টীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হব উৰ্মীলা মাট'ণ্ডকাৰ।

মুম্বাইৰ ৬ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হব। দেশত ১১ এপ্ৰিলৰ পৰা ১৯ মে লৈকে ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব । ২৩ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ।

উৰ্মীলাই ছবি জগতত বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি গৈছে । ছবি নাৰাশ্বিমহা, চমৎকাৰ, ইণ্ডিয়ান, জোদায়ি, সত্য, এক হাচিনা থি আদিৰ দৰে ছবি দুৰ্দ্দান্ত অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com