লোকসভা নিৰ্বাচন:১১ বজালৈকে উত্তৰ প্ৰদেশত ভোটৰ হাৰ ২৪%

আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায় ভোট গ্ৰহণ। পশ্চিম উত্তৰ প্ৰদেশৰ ৮ টা লোকসভা সমষ্টিৰ বাবে আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ১১ বজালৈকে ভোট হাৰ হৈছে ২৪%।
প্ৰথম পৰ্যায়ত ভোট গ্ৰহণত তিনি জন কেন্দ্ৰীয় মন্ত্ৰী নিৰ্বাচনত অবতীৰ্ণ হৈছে । ভি কে সিঙ, সত্যপল সিঙ আৰু মহেশ শৰ্মা প্ৰতিদন্দ্বিতা কৰিছে।
নিৰ্বাচনী আয়োগৰ মতে, শ্বাহাৰনপুৰত ২৫.৬০ % , কাইৰানাত ২৪%, মুজাফৰনগৰত ২৬.৪%, বিজনৰত ২৫.১০% , মীৰোটত ২১.৮০%, বাঘপাটত ২৫%, গাজিয়াবাদত ২২.৪০% আৰু গৌতম বুদ্ধ নগৰ ২৪.২৪% ভোটৰ হাৰ ।
২০১৪ চনৰ লোকসভা নিৰ্বাচনত এই ৮ টা লোকসভা সমষ্টিত বিজেপি জয় হৈছিল । এইবাৰো বিজেপিৰ জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ।
উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায় নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৫০,৬৫,৬৮২। ইয়াৰে ৮২,২৪,৮৩৫ পুৰুষ আৰু ৬৮,৩৯,৮৩৩ মহিলা ভোটৰ আছে । ৬,৭১৬ ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৬,৫১৮ টা বুথ কেন্দ্ৰ আছে। ৮ টা সমষ্টিত ৯৬ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে । ৯৬ জন প্ৰাৰ্থীৰ ভিতৰত কাইৰানাত কংগ্ৰেছৰ ইমৰান মাছুদ , বিজেপিৰ ৰাঘব লক্ষনপাল আৰু সমাজবাদী পাৰ্টিৰ তাব্বাছুম বেগম উল্লেখযোগ্য প্ৰাৰ্থী ।
বিজনৰত প্ৰাক্তন উত্তৰ প্ৰদেশৰ মন্ত্ৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী নাচিমউদ্দিন ছিদ্দিকিয়ে প্ৰতিদন্দ্বিতা কৰিব ৰাজা ভাৰাতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ।
বাঘপাটত কেন্দ্ৰীয় মন্ত্ৰী সত্যপল সিঙৰ বিৰুদ্ধে আৰ এল ডিৰ জয়ন্ত চৌধৰীয়ে প্ৰতিদন্দ্বিতা কৰিছে। গৌতম বুদ্ধ নগৰত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙৰ বিৰুদ্ধে কংগ্ৰেছ দলী শৰ্মায়ে প্ৰতিদন্দ্বিতা কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি