লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত" চকীদাৰ " শীৰ্ষক প্ৰচাৰ প্ৰমুখ ভিডিঅ মুকলি

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দল সমুহৰ তৎপৰতা বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে টুইটাৰত একাউণ্টত চকীদাৰ শব্দটো উপসৰ্গ হিচাপে ব্যৱহাৰ কৰি চকীদাৰ নৰেন্দ্ৰ মোদী আৰু চকীদাৰ অমিত শ্বাহ বুলি বুলি লিখাৰ পাছত "Main bhi chowkidar " শীৰ্ষক প্ৰচাৰ প্ৰমুখ এক ভিডিঅ মুকলি কৰিছে বিজেপিয়ে ।
বিজেপিৰ নেতা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে " main bhi chowkidar " শীৰ্ষক ভিডিঅ ৰ যোগেদি নিৰ্বাচনী প্ৰচাৰৰ চলোৱা পৰিলক্ষিত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত চকীদাৰ উপসৰ্গ ব্যবহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
দলৰ নেতা সকলে এটা সৰু ভিডিঅ বিজ্ঞাপনৰ যোগেদি দেশৰ চকীদাৰ হিচাপে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শণিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Main bhi chowkidar শীৰ্ষক ভিডিঅ টুইটাৰত যোগে প্ৰকাশ কৰে ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰৰ এটা ভিডিঅ প্ৰকাশ কৰে । এই ভিডিঅটোত জনসাধাৰণে চৌপাশটো পৰিষ্কাৰ কৰি ৰখাত দিয়া অবদান শীৰ্ষক হয়।
কেন্দ্ৰীয় মন্ত্ৰী পিয়ুচ গোৱালে কৰ্মীচাৰীয়ে উৎকুচ ল'বলৈ অস্বীকাৰ কৰা এটা ভিডিঅ টুইটাৰত প্ৰকাশ কৰে । লগতে প্ৰকাশ কৰে যে চকিদাৰ হিচাপে কেচলেচ অৰ্থনীতিৰ জৰিয়তে দেশত দুৰ্নীতিৰ মুক্ত অৰ্থনীতি গঢ়ি তোলাৰ আহ্বান জনাইছে ।
লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাদ্দাই টুইটাৰযোগে প্ৰচাৰ প্ৰমুখ ভিডিঅ মুকলি কৰিছে । লগতে কৈছে যে দেশ সলনি হল, বিশ্বাস সলনি হল আৰু দেশ বাসীয়ে এজন বিশ্বাসযোগ্য চকীদাৰ পাইছে ।
ছছিয়েল মেডিয়াত নিৰ্বাচনী প্ৰচাৰৰ অংশ স্বৰুপে ৩১ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰিব ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে বিজেপিয়ে অভিনব প্ৰক্ৰিয়াৰে প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে । প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে প্ৰকাশ কৰা ভিডিঅৰ পাছত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে তীব্ৰ কটাক্ষ্য কৰে । চকীদাৰ চুৰ বুলি কটাক্ষ্য কৰে ৰাহুল গান্ধীয়ে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি