Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৯.৩২ কোটি জব্দ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৯.৩২ কোটি জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 April 2019 9:54 AM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । নিৰ্বাচন প্ৰাকক্ষণত টকাৰ অপব্যৱহাৰ হোৱাৰ আশংকাত আয়কৰ বিভাগ, নিৰ্বাচনী আয়োগ আৰু জিলা কতৃপক্ষয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্ত তালাচী অভিযান অব্যাহত ৰাখিছে । ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ প্ৰাকক্ষণত আয়কৰ বিভাগ, নিৰ্বাচনী আয়োগ আৰু জিলা কতৃপক্ষ ৰাজ্যত ৯.৩২ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে । লগতে ১.৪২ লিটাৰ সুৰা জব্দ কৰিছে ।

আগন্তুক লোকসভাৰ নিৰ্বাচনত ভোটাৰক প্ৰলোভন দিয়াৰ উদ্দেশ্যে বৃহৎ পৰিমাণৰ টকা আৰু সুৰা সমুহ অনা হৈছিল । ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পুৰ্ণ হৈছে । লগতে ৰাজ্যত আৰু অধিক টকা জব্দ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অসমত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণত অনুষ্ঠিত হব ।১৮ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ । ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি