Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ বাবে শক্তিশালী নেতাৰ মনোনয়ন পত্ৰ দাখিল

লোকসভা নিৰ্বাচনৰ বাবে শক্তিশালী নেতাৰ মনোনয়ন পত্ৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 6:24 AM GMT

সোমবাৰে পৰ্যায়ত অনুষ্ঠিত হব লগা লোকসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব ১১ এপ্ৰিলত । প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু সকলো ৰাজনৈতিক দলৰ শক্তিশালী নেতা ।

কলিয়াবৰ, যোৰহাট, লক্ষিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব লগা ভোট গ্ৰহণ বাবে ইতিমধ্যে ৮ জন প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ।

কলিয়াবৰ, যোৰহাট আৰু লক্ষিমপুৰত ২ জন প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে ডিব্ৰুগড় আৰু তেজপুৰত এজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । সোমবাৰে বিজেপি আৰু কংগ্ৰেছৰ বহুতো শক্তিশালী নেতাই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব । বিজেপিৰ তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, পল্লব লোচন দাস আৰু কংগ্ৰেছৰ এম জি ভি কে ভানু, পবন সিঙ ঘাটোৱাৰ আৰু অগপৰ মনি মাধৱ মহন্তয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । সোমবাৰে বিজেপিৰ কেইবাজনো শক্তিশালী নেতাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ।

নিৰ্বাচনী সূচী অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ২৫ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, ২৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হব আৰু ২৮ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ।

তেজপুৰৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰম মন্ত্ৰী পল্লব লোচন দাসে দেওবাৰে বিশ্বনাথ চাৰিআলিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰাৰ লগতে বিশ্বনাথ বাবা মন্দিৰত আশীষ গ্ৰহণ কৰে। লগতে তেজপুৰ লোকসভা সমষ্টিৰ সকলো বিধায়ক আৰু দলীয় কৰ্মী সকলৰ লগত এক বৈঠকত মিলিত হয় ।

কলিয়াবৰৰ অগপৰ প্ৰাৰ্থী মনি মাধৱ মহন্তয়ে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বটদ্ৰৱা থানত আশীষ বিচাৰি উপস্থিত হয়গৈ । বিধায়িকা আঙুৰলতা ডেকা আৰু মনি মাধৱ মহন্তৰ উপস্থিতত বটদ্ৰৱাত অগপ আৰু বিজেপিৰ যুতিয়া বৈঠক অনুস্থিত হয় । যোৰহাটৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঞিয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰে । আনহাতে দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে স্বায়ত্ত শাসিত পৰিষদ ডিফুত হৰেন সিংবেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story