লোকসভা নিৰ্বাচনৰ বাবে NPP য়ে ঘোষণা কৰিলে ৫ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

লোকসভা নিৰ্বাচনৰ বাবে NPP য়ে ঘোষণা কৰিলে ৫ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা
Published on

অসমত অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনৰ বাবে নেচনেল পিপলচ পাৰ্টি NPP য়ে ঘোষণা কৰিলে ৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা । NPP য়ে শিলচৰৰ পৰা নাজিয়া য়েচমিন মজুমদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে তেজপুৰত ৰাম বাহাদুৰ চুনাৰ, কলিয়াবৰত আব্দুল আজিজ, যোৰহাটৰ পৰা কমলা ৰাজখোৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰা ভবেন বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । উল্লেখযোগ্য যে অসমত নতুনকৈ গঠন হোৱা এন পি প দলে প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । ১১ , ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজতে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰো আৰম্ভ হৈছে ।

সকলো ৰাজনৈতিক দলৰ সমান্তৰালকৈ এন পি পিয়ে ইতিমধ্যে ৫ টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । কংগ্ৰেছে ইতিমধ্যে ১০ টা সমষ্টিৰ প্ৰাৰ্থী ৰ তালিকা প্ৰকাশ কৰিছে । বিজেপিয়ে ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ চুৰান্ত তালিকা প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com