Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ মংগলদৈ সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

লোকসভা নিৰ্বাচনৰ মংগলদৈ সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 March 2019 11:57 AM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থীৰ সাম্যক ঞ্জানকৈ লৈ চৰ্চা লাভ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচন নে বিধানসভা নিৰ্বাচনৰ জ্ঞান নথকাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সাধাৰন জ্ঞান নথকাটোৱে চৰ্চা লাভ কৰিছে ।

মংগলদৈৰ ভাৰতীয় ৰিপাব্লিকান দলৰ এজন প্ৰাৰ্থীৰ বয়স কম হোৱাৰ বাবে মনোনয়ন পত্ৰ বাতিল কৰা হয় । ভাৰতীয় ৰিপাব্লিকান দলৰ ৰাতুল আহমেদ নামৰ প্ৰাৰ্থীজনৰ মনোনয়ন বাতিল কৰে। ৰাতুল আহমেদৰ বয়স মাত্ৰ ২১ বছৰ । ২৬ তাৰিখে ১৮ এপ্ৰিলত অনুষ্ঠিত হব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল ।

আনহাতে পূৰ্বাঞ্চল জনতা পাৰ্টি ছেকুলাৰ দলৰ ভূপেন ডেকাৰ মনোনয়ন পত্ৰ বাতিল কৰে । ভূপেন ডেকাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰয়োজনীয় তথ্য জমা নিদিয়াৰ বাবে বাতিল কৰা হয় মনোনয়ন পত্ৰ ।

মংগলদৈ লোকসভা সমষ্টিৰ বাবে ১৩ জন প্ৰাৰ্থী য়ে মনোনয়ন পত্ৰ দাখিল কৰে । ১৩ জনৰ ২ ৰ মনোনয়ন পত্ৰ বাতিল কৰে । ১১ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ । ২৯ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ।

অসমত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১,১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি