Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ সময় সূচী ঘোষণাঃ সাতটা পৰ্যায়ত হ’ব লগা নিৰ্বাচনৰ ফলাফল ঘোষণা ২৩ মে’ত

লোকসভা নিৰ্বাচনৰ সময় সূচী ঘোষণাঃ সাতটা পৰ্যায়ত হ’ব লগা  নিৰ্বাচনৰ ফলাফল ঘোষণা ২৩ মে’ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2019 7:26 AM GMT

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই দেওবাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ সূচী ৷ অনাগত ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে নিৰ্বাচন অনুষ্ঠিত হ’ব । ৫৪৩ খন লোকসভাৰ আসনত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা হ’ব ২৩ মে’ত ৷ ইফালে নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো নতুন প্ৰকল্প ঘোষণা কৰিব নোৱাৰিব ৷ সুনীল আৰোৰাৰ লগতে কয় যে অন্ধ্ৰ প্ৰদেশ,অৰুণাচল প্ৰদেশ,উৰিষ্যা,চিকিমত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ অৱশ্যে জম্মু কাশ্মীৰত নিৰ্বাচনৰ কথা নিৰ্বাচন আয়োগে ঘোষণা নকৰিলে ৷বিগত লোকসভা নিৰ্বাচনত মোডী চৰকাৰে প্ৰথমবাৰৰ কাৰণে ২৮২ খন আসনত সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল ৷ এইয়া আছিল বিগত ৩০ বছৰত কোনো এটা দলৰ কাৰণে এক বৃহৎ সফলতা ৷

১৭ সংখ্যক লোকসভা নিৰ্বাচন ১১ এপ্ৰিল,১৮ এপ্ৰিল,২৩ এপ্ৰিল,২৯ এপ্ৰিল, ৬ মে,১২ মে আৰু ১৯ মে’ত অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২০ খন ৰাজ্যৰ ৯১ খন আসনত ভোটগ্ৰহণ হ’ব ৷ ৰাজ্যসমূহ হৈছে অন্ধ্ৰপ্ৰদেশত (২৫),অৰুণাচল প্ৰদেশ (২),অসম(৫),বিহাৰ(৪),ছত্তীশগড়(১),জম্মু আৰু কাশ্মীৰত (২),মহাৰাষ্ট্ৰত(৭), মনিপুৰ(১),মেঘালয়া (২),মিজোৰাম(১), নাগালেণ্ড(১), উৰিষ্যা(৪), চিকিম(১),তেলেংগানা (১৭),ত্ৰিপুৰা (১),উত্তৰ প্ৰদেশ (৮),উত্তৰাখণ্ড(৫), পশ্চিম বংগাল(২)আন্দামান আৰু নিকোবৰ (১) আৰু লক্ষদ্বীপ (১) ৷

দ্বিতীয় পৰ্যায়ত ১৮ এপ্ৰিলত অসম (৫) বিহাৰ(৫),ছত্তীশগড়(৩),জম্মু আৰু কাশ্মৰী (২),কৰ্ণাটক (১৪),মহাৰাষ্ট্ৰ (১০),মণিপুৰ(১), উৰিষ্যা (৫),তামিল নাডু(৩৯),ত্ৰিপুৰা(১),উত্তৰ প্ৰদেশ (৮),পশ্চিম বংগত(৩),পুডুচেৰী(১)ত ৯৭ খন আসনত ভোটগ্ৰহণ কৰা হ’ব।

তৃতীয় পৰ্যাযত ২৩ এপ্ৰিলত হ’ব লগা ভোট গ্ৰহণ অসম(৪),বিহাৰ(৫), ছত্তীশগড় (৭),গুজৰাট(২৬), গোৱা(২),জম্মু আৰু কাশ্মীৰত(১), কৰ্ণাটক(১৪), কেৰেলা(২০),মহাৰাষ্ট্ৰ(১৪),উৰিষ্যা(৬),উত্তৰ প্ৰদেশ(১০),পশ্চিম বংগ(৫),দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত মুঠ ১১৫ খন আসনৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷

চতুৰ্থ পৰ্যায়ত বিহাৰ(৫),জম্মু আৰু কাশ্মীৰ (১),ঝাৰখণ্ড(৩),মধ্য প্ৰদেশ (৬),মহাৰাষ্ট্ৰ(১৭),উৰিষ্যা(৬),ৰাজস্থান(১৩),উত্তৰ প্ৰদেশ (১৩),আৰু পশ্চিম বংগ (৮)ত ৭১ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷

পঞ্চম পৰ্যায়ত বিহাৰ (৫),জম্মু আৰু কাশ্মীৰ(২),ঝাৰখণ্ড(৪),মধ্য প্ৰদেশ (৭),ৰাজস্থান(১২),উত্তৰ প্ৰদেশ(১৪),পশ্চিম বংগ(৭)ত মুঠতে ৫১ খন আসনত ভোটগ্ৰহণ অনুস্থিত হ’ব ৷

ষষ্ঠ পৰ্যায়ত বিহাৰ(৮),হাৰিয়ানা(১০),ঝাৰখণ্ড (৪),মধ্য প্ৰদেশ (৮),উত্তৰ প্ৰদেশ (১৪),পশ্চিম বংগ(৮),দিল্লীত(৭) ভোটগ্ৰহণ অনুষ্ঠিত হয় ৫৯ খন আসনত ৷

সপ্তম পৰ্যায়ত বিহাৰ(৮),ঝাৰখণ্ড(৩), মধ্য প্ৰদেশ(৮), ৰাজস্থান(১৩), পঞ্জাৱ(১৩),পশ্চিম বংগ(৯),ছত্তীশগড় (১),উত্তৰ প্ৰদেশ (১৩),হিমাচল প্ৰদেশ(৪)ত ৫৯ আসনত ভোটগ্ৰহণ হ’ব ৷

অন্ধ্ৰপ্ৰদেশ,অৰুণাচলপ্ৰদেশ,গোৱা,গুজৰাত,হাৰিয়ানা,হিমাচলপ্ৰদেশ,কেৰালা,মিজোৰাম,নাগালেণ্ড,পঞ্জাৱ,ছিকিম,তেলেংগনা,তামিলনাডু,উত্তৰাখণ্ড,আন্দামান নিকোবৰ,দমন আৰু দীও,লক্ষদ্বীপ,দিল্লী,ছত্তীশগড়ত এদিনকৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷কৰ্ণাটক,মণিপুৰ,ৰাজস্থান আৰু ত্ৰিপুৰাত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ইয়াৰ বিপৰীতে অসম,ছত্তীশগড়ত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ ঝাৰখণ্ড,মধ্য প্ৰদেশ,মহাৰাষ্ট্ৰ আৰু উৰিষ্যাত চাৰিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ ইফালে জম্মু আৰু কাশ্মীৰত পাঁচ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ অন্যহাতে কোনো ৰাজ্যতে ছটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত নহয় ৷ বিহাৰ,উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগালত সাতটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি