Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: অসমত ১১.৭৯ কোটি জব্দ

লোকসভা নিৰ্বাচন: অসমত ১১.৭৯ কোটি জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2019 6:53 AM GMT

লোকসভা নিৰ্বাচনত প্ৰাৰ্থীয়ে ব্যয় কৰা ধনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে নিৰ্বাচনী আয়োগে । সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় নিৰ্বাচনী আয়োগে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ২১.৬৬ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে । অসমৰ পৰা ১১.৭৯ কোটি টকা জব্দ কৰিছে ।

লোকসভা নিৰ্বাচনৰ সময়ত কেৱল মিজোৰামত বৰ্তমানলৈকে ধন জব্দ কৰিবলৈ সক্ষম হোৱা নাই । মডেল অব ক'ণ্ডাক জাৰি হোৱাৰ পাছত সমগ্ৰ দেশতে এইবাৰ লোকসভা নিৰ্বাচনত মুঠ ৮৬৩,২৮৯ কোটি জব্দ কৰিবলৈ সক্ষম হৈছে ।

ফ্লাইঙ স্কুৱাৰ্ডে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা টকা, ড্ৰাগচ, সুৰা, নিচাযুক্ত সামগ্ৰী আৰু মূল্যবান সামগ্ৰী যেনে সোন, ৰূপ আদি জব্দ কৰিবলৈ সক্ষম হৈছে । সমগ্ৰ দেশতে নিকা আৰু মুক্ত নিৰ্বাচনৰ বাবে ষ্টেটিক চাৰ্ভিলেঞ্চে টিম, আয়কৰ বিভাগ , আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে ১১.৭৯ কোটি জব্দ কৰে, ১.৪২ কোটি টকাৰ ১.৬ লাখ সুৰা জব্দ, ২৫০ কেজি ড্ৰাগচ আৰু ০.৫২ কোটি নাৰকোটিকৰ লগতে অন্যান্য সামগ্ৰী আৰু অসমত ০.২৩ কোটি জব্দ কৰা হৈছে । সৰ্ব মুঠ ১৪,৩২১ কোটি জব্দ কৰা হৈছে ।

অৰুণাচল প্ৰদেশত ৬.৯২ কোটি জব্দ কৰা হৈছে, মনিপুৰত ০.৬৮ কোটি জব্দ, মেঘালয়ত ০.৭২ কোটি জব্দ আৰু নাগালেণ্ডত ০.৯২ কোটি জব্দ, ছিকিমত ০.২৪ কোটি জব্দ আৰু ত্ৰিপুৰাত ০.৩৯ কোটি জব্দ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি