লোকসভা নিৰ্বাচন: আয়কৰ বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোটি টকা জব্দ কৰে

লোকসভা নিৰ্বাচন: আয়কৰ বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোটি টকা জব্দ কৰে
Published on

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সন্দেহজনক ৩.৭৬ কোটি জব্দ কৰিবলৈ সক্ষম হৈছে ।

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছত ১৮ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ ভিতৰত আয়কৰ বিভাগৰ বিষয়ায়ে বিভিন্ন প্ৰান্তৰ লগতে বিমান বন্দৰৰ পৰা ৩.৭৬ কোটি টকা জব্দ কৰিছে । মাজ নিশা তালাচী অভিযানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু মংগলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তাপিৰ গাৱৰ কনভয়ৰ পৰা ১.৮ কোটি জব্দ কৰিছে ।

আয়কৰ বিভাগৰ প্ৰিঞ্চিপাল ডিৰেক্টৰ সঞ্চয় বাহাদুৰ বুধবাৰে কয় যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহৎ পৰিমাণৰ সন্দেহজনক ধন বেংক একাউণ্টত জমা কৰা হৈছে ।এই সপ্তাহতে গ্ৰাম্য আৰু ক'অপেৰাটিভ বেংকত এই ধন সমুহ জমা কৰা হৈছে । একেদৰেই বৃহৎ পৰিমাণৰ ধন বেংকৰ পৰা উলিওৱা হৈছে বুলি প্ৰকাশ কৰে।

নিৰ্বাচনী ব্যয় পৰ্যাবেক্ষক আৰু গ্ৰাউণ্ড লেবেল ইন্টেলিজেন্টে পৰ্যবেক্ষনৰ কৰি থকাৰ পাছতো বহু ধন ওলাই গৈছে। এই ধন নিৰ্বাচনত অপব্যৱহাৰ কৰাৰ আশংকা ব্যক্ত কৰিছে ।

লোকসভা নিৰ্বাচনৰ সময়ত বেংক সমূহক য'তে অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবেও ব্যবস্থা গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে । নিৰ্বাচনী আয়োগে কিছু গাইড লাইন প্ৰকাশ কৰিছে বেংক সকললৈ । বেংকৰ পৰা সন্দেহজনক বৃহৎ পৰিমাণৰ ধন জমা কৰা আৰু উলিওৱা হয় সেই সম্বন্ধে জিলা নিৰ্বাচনী বিষয়াক অবগত কৰিবলৈ নিৰ্দেশ দিছে । বিশেষকৈ নিৰ্বাচনী আয়োগে ১০ লাখ টকাৰো অধিক জমা আৰু উলিওৱা হয় সেই সন্দৰ্ভত আয়কৰ বিভাগক অবগত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আইনৰ অধীনত ব্যবস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।

৩১ মাৰ্চ ২০১৯ ৰ পৰা হোৱা অনুসন্ধানত লাভ কৰা তথ্যত বেংকৰ লেনদেনৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিব । ইতিমধ্যে আয়কৰ বিভাগৰ ডিৰেক্টৰে উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যত ইতিমধ্যে ২৪×৭ কন্ট্ৰল ৰোম আৰু অভিযোগ মনিটৰিং চেলে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো দিশৰ লগতে বিশেষকৈ ধন লেনদেনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com